গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বৈঠক

গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ মাহিলী বৈঠকখন গণেশপাৰাৰ নিবাসী নগেন্দ্ৰ প্ৰসাদ শৰ্মাৰ বাসগৃহত অনুষ্ঠিত হয়৷গৃহস্হ সদস্যা জ্যোতিৰ্ময়ী দেৱীয়ে শ্লোকেৰে শুভাৰম্ভ কৰা সভাত সঞ্চালনা কৰে সমাজৰ সভাপতি শিৱ প্ৰসাদ ভট্টাচাৰ্যই৷ গৃহস্থ সদস্য নগেন্দ্ৰ প্ৰসাদ শৰ্মাই আদৰণি ভাষণ দিয়া সভাত সাংবাদিক যদু কাকতি,গীতিকাৰ,সুৰকাৰ ভূপেন উজীৰৰ প্ৰতি শ্ৰদ্ধাই জনাই এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়৷সম্পাদক ৰঞ্জন বড়োয়ে পৰৱৰ্তী বৈঠকৰ কাৰ্যবিৱৰণী পাঠ কৰা সভাত লিখনি পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়৷সভাত প্ৰিয়াংকী ভূঞা,প্ৰিন্সী বৰা,কাব্যঞ্জলী বৰা,মুৰী পাটৰ,আৰ্হি দাস,ইন্দ্ৰানী চৌধুৰী,ধৰ্মকান্ত দাস,পশুপতি দেৱ গোস্বামী,কৌশিক কলিতা,শিৱানী মহন্ত,কল্পনা দাস বৰ্মন,উৰ্বি শৰ্মা,গকুল বৰুৱাই কবিতা,মনোজ নাথ,সবিতা গোস্বামী,দীপাঞ্জলী দত্তই প্ৰৱন্ধ,তনুশ্ৰী বসাক,নিৰদা দেৱী,বিভূজ্যোতি কলিতাই গল্প,তন্ময় শৰ্মাই সাধু,উৰ্বি শৰ্মাই প্ৰাৰ্থনা,কৌস্তভ দাস,বিতু,কৌশিক,শুক্লেশ্বৰ কলিতাই গীত পৰিৱেশন কৰি উপস্হিত আটাইকে আমোদ দিয়ে৷সভাত ময়ুৰী কাশ্যপে নৃত্য প্ৰদৰ্শন কৰে৷সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° মুকুল চক্ৰৱৰ্তীয়ে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে৷