গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বাৰ্ষিক অধিৱেশন
ৰঙিলী বাৰ্ত্তাসেৱা- কিছুমান শব্দই মানুহৰ জীৱন সলনি কৰি দিব পাৰে৷অসমীয়া ভাষাত পৰ্টুগীজ,আৰবী,বড়ো,টাই আদি ভাষাৰ অনেক শব্দ আছে৷-এই মন্তব্য কটন কলেজৰ গণিত বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ড° দিলীপ শৰ্মাৰ৷ ২১ জুলাইত গণেশপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা সভাত গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ বাৰ্ষিক অধিৱেশনত মুখপত্ৰৰ সভাপতি উমেশ চন্দ্ৰ ভাগৱতী আৰু সম্পাদক জ্যোতিষ বৰুৱাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা ’প্ৰত্যাশা’ উন্মোচন কৰি মুখ্য অতিথি তথা প্ৰাক্তন অধ্যাপক ড° দিলীপ শৰ্মাই এই মন্তব্য প্ৰদান কৰে৷তেওঁ পুনৰ কয়-ড° বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্হখনে বিশ্বৰ বুকুত অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰিছিল৷বেজবৰুৱাৰ লিখনিৰ লগতে কেবাজনো বিখ্যাত লিখকৰ লিখনিত অংক দেখিবলৈ পোৱা যায়৷সাংগঠনিক সম্পাদক গকুল বৰুৱাই আঁত ধৰা সভাত সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা ৰীণা দাসৰ পৰিচালনাত সমবেত গীতেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়৷সভাপতি শিব প্ৰসাদ ভট্টাচাৰ্যই পৌৰোহিত্য কৰা সভাত কোষাধ্যক্ষ লংকেশ্বৰ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰে৷ উপদেষ্টা সুশীল চন্দ্ৰ বৰঠাকুৰে আদৰণি ভাষণ দিয়া সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক ৰঞ্জন বড়োয়ে৷সদস্য সঞ্জীৱ দেৱচৌধুৰীয়ে আঁত ধৰা সভাত মালিতা ডেকা,মনীষা সাহা,ডৰিকা শৰ্মাই কবিতা আবৃত্তি কৰে৷শুক্লেশ্বৰ কলিতা,কৌস্তভ দাস,আৰ্হি দাস,কাব্যাঞ্জলি বড়ো,মন্হনে গীত পৰিৱেশন কৰা সভাত থিতাতে লিখা কবিতা,গল্প,বিষয় ভিত্তিক বক্তৃতা,চিত্ৰাংকন,কবিতা আবৃত্তি প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীক বঁটা প্ৰদান কৰা হয়৷সদস্য নৱ প্ৰসাদ শৰ্মাই আঁত ধৰা সভাত ১২ জন কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ইয়াৰে শ্ৰেষ্ঠ নম্বৰ পোৱা কৃতি ছাত্ৰী গৰাকীক শিক্ষয়িত্ৰী দীপা শৰ্মাই গামোচা,শৰাইৰে সম্বৰ্ধনা জনোৱা হয়৷সভাত সমজুৱাৰ ফালৰ পৰা প্ৰাক্তন অধ্যাপিকা গায়ত্ৰী বৰঠাকুৰ, শিক্ষয়িত্ৰী দীপা শৰ্মা,অধ্যাপক দেৱপ্ৰসাদ মিশ্ৰ,ড° হোমেশ্বৰ কাকতিয়ে সাহিত্য সমাজৰ লগতে কিছু অনুভৱ ব্যক্ত কৰে৷সদস্য উমেশ চন্দ্ৰ ভাগৱতীয়ে শলাগৰ শৰাই আগবঢ়ায়৷আনহাতে,২১ জুলাইত চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷