গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ ‘কুন্তীদেৱী স্মাৰক বক্তৃতা’
ৰঙিলী বাৰ্ত্তাসেৱা- ‘সাধাৰণ চিকিৎসকে বেমাৰৰ চিকিৎসা কৰে,মনৰ চিকিৎসা নকৰে৷যি সকল মহান চিকিৎসক তেওঁলোকে বেমাৰৰ লগতে মনৰো চিকিৎসা কৰে৷’-এই মন্তব্য স্নায়ুৰোগ বিশেষজ্ঞ ডা° নোমল চন্দ্ৰ বৰাৰ৷১৭ মাৰ্চত মহানগৰীৰ দাঁতালপাৰাস্হিত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয় প্ৰাংগনত আয়োজিত গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ কুন্তীদেৱী স্মাৰক বক্তৃতাত ’মন আৰু স্বাস্হ্যঃ উপভোগ্য জীৱনৰ আধাৰ’ বিষয়ৰ ওপৰত মন্তব্য প্ৰদান কৰে বিশিষ্ট চিকিৎসক ডা° নোমল চন্দ্ৰ বৰাই৷তেওঁ পুনৰ কয়-’বয়স বাঢ়ি গৈ থাকক একো ডাঙৰ কথা নহয়,মনটো ডেকা কৰি ৰাখিব লাগে৷ডেকা হৈ থাকিবলৈ গঠনমূলক,সামাজিক কামত ব্যস্ত থাকিব লাগে৷মনটো সদায় পজিটিভ হৈ থাকিব লাগে৷যিবোৰ কামে যোগাত্মক প্ৰভাৱ পেলায় তেনে কাম কৰিব লাগে৷বেমাৰৰ চিকিৎসা কৰাতকৈ বেমাৰ নোহোৱাকৈ ৰাখিব পৰাটোহে ডাঙৰ কথা৷আমি শাৰীৰিক পৰিশ্ৰম কৰিলে শৰীৰটো ভালে থাকে৷’সমাজৰ সাধাৰণ সম্পাদক ৰঞ্জন বড়োয়ে আঁত ধৰা সভাত সভাপতিত্ব কৰে সমাজৰ সভাপতি শিৱ প্ৰসাদ ভট্টাচাৰ্যই৷সভাত উপদেষ্টা সুশীল চন্দ্ৰ বৰঠাকুৰ,দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ শৰ্মা উপস্হিত থাকে৷সুৰেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা ৰীনা দাসে পৰিচালনা কৰা সমবেত সংগীতেৰে শুভাৰম্ভ কৰা সভাত সাংগঠনিক সম্পাদক গকুল বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে৷জ্যেষ্ঠ সদস্য নৱ প্ৰসাদ শৰ্মাই আঁত ধৰা সভাত ডা° নোমল চন্দ্ৰ বৰাক গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয়৷সংগীত শিক্ষয়িত্ৰী বিউটী বৰুৱাই গীত পৰিৱেশন কৰা সভাত বিশিষ্ট চিকিৎসক ডা° নোমল চন্দ্ৰ বৰাৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়৷কুন্তীদেৱীৰ পৰিয়ালৰ ফালৰ পৰা সুশীল চন্দ্ৰ বৰঠাকুৰে দুআষাৰ কয়৷জ্যেষ্ঠ সদস্য উমেশ চন্দ্ৰ ভাগৱতীয়ে শলাগৰ শৰাই আগবঢ়ায়৷