“গণতন্ত্র দিৱস ” আৰু আমি
ছেলিমা বেগম ,নগাঁও
“আৰত আমাৰ মহান ” আমি ভাৰতৰ নাগৰিক , জন্ম স্বত্ব অধিকাৰ আমাৰ আছে ভাৰতীয় নাগৰিক হিচাপে। আমি সকলোৱে মিলি ভাৰতৰ স্বচ্ছতাৰ ক্ষেত্ৰত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰিব লাগিব তেতিয়া হ’লে আমাৰ ভাৰত স্বচ্ছ নিকা দেশ হিচাপে পৰিচয় দিব পাৰিম । আমাৰ ভাৰতৰ পৰা লেতেৰা ৰাজনীতি খিনি আঁতৰাই এখন সুস্থ সবল শক্তিশালী দেশ গঠন কৰা টো আমাৰ ভাৰতীয় নাগৰিকৰ কৰ্তব্য।
আমাৰ ভাৰত খন ১৯৪৭ চনতৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰে। তাৰ আগতে বৃটিছৰ হাতত প্ৰায় ২০০ বছৰ ইংৰাজৰ অধীনত আছিল। ইংৰাজ সকলে আমাৰ ভাৰতৰ মানুহৰ মাজত এক জটিল পাকচক্ৰত ৰাখি কিমান যে জলা কলা গোৱাইছিল। সেই সময়ত ভাৰতৰ নাগৰিক মাজত হাহাকাৰ আছিল কোনো কামত নিজৰ ইচ্ছা অনুসৰি কৰিব পৰা নাছিল। বৃটিছৰ তলতীয়া হৈ থাকি গোটেই ভাৰততে যথেষ্ট সংখ্যক মানুহৰ মাজত এক প্ৰকাৰ বিশৃংখলতাৰ সৃষ্টি হৈ আছিল। বৃটিছ কৰ্তৃপক্ষই ভাৰতৰ মানুহ বিলাকক নিজৰ হাতৰ মুঠিত ৰাখি নাকত ধৰি চাকত ঘুৰাই ৰাখিছিল। মানুহৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান ভাৰতীয় নাগৰিক এই বিষয়ৰ ওপৰত গুৰুত্ব দিয়ে। ইংৰাজৰ অত্যাচাৰ আৰু কিমান চাই থাকিব। বৃটিছৰ অত্যাচাৰ একেবাৰে অসহ্য হৈ কেইজনমান নেতাই দেশখনৰ ৰক্ষাৰ্থে তেখেত সকল উঠি পৰি লাগে।
আমাৰ ভাৰতীয় নেতা সকলক আমি ছ্যালুট জনালোঁ লগতে ছালাম জনাওঁ। খান আব্দুল গফুৰ খান , মহাত্মা গান্ধীৰ নেতৃত্বত আৰাম্ভ হোৱা অসহযোগ আন্দোলনে ভাৰতৰ স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। স্বাধীনতা আন্দোলনত যোগদান কৰা বহু কেইজন নেতাৰ সৎ প্ৰচেষ্টাত আমি ভাৰতৰ নাগৰিক হিচাপে স্বীকৃতি দিব পাৰি গৌৰৱ কৰিছোঁ । এই আন্দোলনত যোগদান কৰা বহু কেইজন নেতাৰ তেজৰ বিনিময় আমি স্বাধীন মনে ভাৰতত থাকিব পাৰি তেখেতসকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ নেদেখা জনৰ ওচৰত।
বৃটিছ সেনাৰ অত্যাচাৰ চলাইছিল ভাৰতীয় নাগৰিকৰ ওপৰত। কিমান যুদ্ধ কিমান মেল আৰু যে ক’ত কিছু ঘটনা ভাৰতৰ বিভিন্ন ঠাইত হৈছিল। অসম আন্দোলনত যোগদান কৰি আমাৰ অসম সৈনিক অসমৰ মানুহ আন্দোলনত শ্বহীদ হৈছিল আজিও আমি অসমীয়া সদায় চিৰ কৃতজ্ঞ হৈ আছোঁ সেই শ্বহীদ হোৱা নেতাসকলৰ চৰণ চুই । অসমৰ মণিৰাম দেৱান, পিয়লি ফুকন,কনক লতা , মূলা গাভৰুৱে আদি কৰি বহুকেইজন বিশিষ্ট নেতা নিজৰ প্ৰাণত্যাগ দিছিল দেশৰ কাৰনে মৃত্যুক ভয় নকৰি বন্দুক’ৰ আগত থিয় হৈ নিজৰ প্ৰাণ আহুতি দিছিল। দেশ ৰক্ষা’ৰ খাতিৰতে ফাঁচীকাঠত ওলমি হাঁহি হাঁহি নিজৰ জীৱন বলিদান দিছিল।
১৯৪৭ চনৰ ২৬ জানুৱাৰীত আমাৰ ভাৰত সম্পূৰ্ণৰূপে স্বাধীনতা লাভ কৰি দিল্লীৰ লাল কিল্লাৰ ওপৰত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰে। বৃটিছৰ হাতৰ পৰা ইংৰাজৰ পতাকা খন দলিয়াই পেলাই এজন মুছলমান নেতা স্বৰ্গীয় শ্বাহ নোৱাজ খান পোন প্ৰথমবাৰৰ বাবে জাতীয় পতাকা উত্তোলন কৰে । আজিও আমি ভাৰতবৰ্ষত ২৬ জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱসৰ হিচাপে পালন কৰি শ্বহীদ হোৱা বীৰ পুৰুষ সকলক স্মৰণ কৰোঁ। গোটেই ভাৰততে আমাৰ এই গণতন্ত্ৰ দিৱসৰ পেৰেডত গণতন্ত্ৰ দিৱসৰ মঙ্গল কামনাৰে শুভেচ্ছা জনালোঁ।
” জয় হিন্দ ” বন্দেমাতৰম!