গছজোপাক গোৰ মাৰি চালেই গম পায় – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Wallpaper Flare
গছজোপাক গোৰ মাৰি চালেই গম পায়
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আজিকালি প্ৰায়বোৰ মানুহ আনৰ তুলনাত নিজকে বহুপ্ৰভাৱশালী,শক্তিশালী আৰু সমৃদ্ধিশালী ব্যক্তি ৰূপত নিজৰ পৰিচয় প্ৰদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। ইয়াৰ একমাত্ৰ মুখ্য কাৰণে হ’ল আমি মানৱ সমাজে মানৱ সমাজৰ মাজতে সৃষ্টি কৰা এক প্ৰতিযোগিতা মূলক মনোভাৱ। কিন্তু আমি যদি সঁচাকৈয়ে সমাজ এখনৰ এজন প্ৰভাৱশালী ব্যক্তি হয় তেন্তে তাক আমি জগতৰ আগত প্ৰদৰ্শন কৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকে। কাৰণা চিন্তা নকৰিব আপোনাৰ জীৱনত সময়ে সময়ে আপোনাৰ ওপৰত পৰীক্ষণ চলি থাকিব।আমি যদি ঘৰৰ বাগিচাত তুলি তালি ডাঙৰ কৰা গছ এজোপা আৰু ঘন জংঘলৰ মাজত নিজে নিজে গা কৰি উঠা গছ এজোপাৰ মাজত পাৰ্থক্য বিচাৰি যাওঁ তেন্তে ইয়াৰ বাবে বৰ বিশেষ একোৱেই অনুসন্ধান কৰিবলৈ দৰকাৰ নাই। কাৰণ ঘৰত বাগিচাত তুলি-তালি, ডাঙৰ-দীঘল কৰা এজোপাক আমি যদি আমাৰ ভৰিৰে জোৰেৰে প্ৰহাৰ কৰি চালে গম পাওঁ যে, ঘৰৰ বাগিচাত লগা গছজোপাৰ শিপাৰ পৰা আৰম্ভ কৰি গছৰ একেবাৰে আগলৈকে এক বিশাল কম্পনৰ সৃষ্টি হয়। আনহাতে ঘন জংঘলৰ মাজত নিজে নিজে গা কৰি উঠা গছ এজোপাৰ যদি আমি ভৰিৰে বহু জোৰেৰে প্ৰহাৰ কৰাৰ পিছতো একেবাৰে সামান্যতম কম্পনৰ সৃষ্টি হয় আৰু  সন্তেকতে কম্পন নষ্ট হৈ পৰে। ইয়াৰ মূলতে হ’ল জংঘলৰ মাজত গা  কৰি উঠা গছ এজোপাৰ শিপা সমূহ চৌদিশে বিস্তাৰিত হৈ থাকে। আনহাতে ঘৰৰ লগোৱা গছজোপাৰ শিপা সমূহ কম মাত্ৰাত কম ঠাইত বিস্তৃত হৈ থাকে। গতিকে  গছজোপাক গোৰ মাৰি চালেই গম পায় যে ঘৰত লগোৱা গছ নে জংঘলৰ মাজত নিজে নিজে গা কৰি উঠা গছ। অৰ্থাৎ মই কোৱা কথাৰ তাৎপৰ্য এইটোৱে যে, আপুনি  এজন প্ৰভাৱশালী, শক্তিশালী, সমৃদ্ধিশালী ব্যক্তি ৰূপত পৰিগণিত হবলৈ হ’লে আপুনি সেইমতে নিজকে প্ৰস্তুত কৰি তুলিব পাৰিব লাগে। আৰু যিসকল লোকে নিজকে এইমতে প্ৰস্তুত কৰি লৈছে তেওঁলোকে জীৱনৰ যিকোনো সংকট বা যিকোনো বেয়া পৰিস্থিতিতে নিজকে লক্ষ্যস্থানৰ পৰা বিচলিত হবলৈ নিদিয়ে। আপুনি যদি এনেই ফুটনি মাৰি ফুৰিছে তেন্তে আপোনাক বিচলিত কৰিবলৈ হ’লে মাত্ৰ এটা প্ৰহাৰে যথেষ্ট। কাৰণ এইখন সংসাৰত আপোনাক এলে পেলা মানুহ দৰে দেখিলে সকলোৱে বহুত মৰম কৰিব ধৰিব আৰু আপুনি যেতিয়াই আনৰ তুলনাত আগ বাঢ়ি যাবলৈ ধৰে তেন্তে চৌদিশৰ পৰা প্ৰহাৰ ওপৰত প্ৰহাৰ পৰি থকাটো নিশ্চিত। গতিকে সকলোবোৰ প্ৰহাৰ সহ্য কৰিব পৰাকৈ নিজৰ ব্যক্তিত্ব ৰূপী শিপাবোৰ একেবাৰে মজবুত কৰি ৰাখিব লাগে। গতিকে নিজক প্ৰভাৱশালী ব্যক্তি ৰূপে পদৰ্শন কৰাতকৈ নিজে প্ৰভাৱশালী ব্যক্তি ৰূপত পৰিগণিত হবলৈ বিভিন্ন ধৰণেৰে নিজকে প্ৰস্তুত বা তৈয়াৰ কৰি লওঁক।