খেতিয়ক – অনামিকা (সংগীতা) কলিতা

খেতিয়ক 

অনামিকা (সংগীতা) কলিতা,শুৱালকুছি

ৰ’দে বৰষুণে,ধুমুহা বতাহক
আওকাণ কৰি শাওনৰ
পথাৰত ব্যস্ত মোৰ পিতাই —
জীৱন জিনাৰ আখৰাত
সপোনবোৰ ডেঁউকা কোবাই কোবাই
সেউজীয়া কোমল হাঁহিৰ
প্ৰস্তুতি এটা বছৰৰ।
তেওঁৰ পিন্ধা পোচাক যোৰা
মোৰ প্ৰিয় মই যে” খেতিয়কৰ পো” ।
চোলাটোৰ ঘামৰ গোন্ধটো মোৰ
হৃদয়ত ভৰাই চাবিৰে তলাটো
মাৰি থলোঁ ।
কেতিয়াবা আকৌ খুলি শুঙি চাওঁ
এয়া যে  আমাৰ  গ্ৰাম্য জীৱনৰ গাঁথা।