খানাপাৰা সাহিত্য চ’ৰাৰ ‘ইন্টাৰভিও’ উন্মোচন

খানাপাৰা সাহিত্য চ’ৰাৰ ‘ইন্টাৰভিও’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট নাট্যকাৰ তথা অভিনেত্ৰী নিজৰা মজুমদাৰৰ নাটক ‘ ইণ্টাৰভিও’ খানাপাৰা সাহিত্য চ’ৰাৰ উদ্যোগত উন্মোচন কৰা হয় । নাটকখন উন্মোচন কৰে সাহিত্য চ’ৰাৰ সভাপতি বিমান চন্দ্ৰ হাজৰিকাই । উন্মোচনী ভাষণত হাজৰিকাই সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ নিজৰা মজুমদাৰৰ অৱদানৰ বিষয়ে উল্লেখ কৰে । আনহাতে , সভাত ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ইন্দ্ৰ প্ৰসাদ বৰদলৈ, অঞ্জলি দেউৰী, অন্তৰা বৰুৱা, পূৰৱী বৰুৱা, তুলুমণি সৌকাধৰা নেওগ আদিয়ে নিজৰা মজুমদাৰৰ সান্নিধ্য আৰু তেওঁৰ বৰঙণিৰ বিষয়ে চমুকৈ ভাষণ দিয়ে । ইয়াৰ উপৰি সভাত উপস্থিত থকা সকলে কবিতা, গল্প, প্ৰবন্ধ আদি পাঠ কৰে আৰু ডাঃ অজিৎ কুমাৰ বৰুৱা, বীনাপাণি ডেকা, পুষ্পাঞ্জলি গগৈয়ে জীৱনৰ কিছু অভিজ্ঞতা সভাত প্ৰকাশ কৰে । সভাৰ আৰম্ভণিতে নিজৰা মজুমদাৰে সুদীৰ্ঘ বছৰ সাহিত্য-সংস্কৃতিৰ লগত জড়িত থাকি পোৱা অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে৷ সভাখন আঁত ধৰে সাহিত্য চ’ৰাৰ সাধাৰণ সম্পাদক ডাঃ গুনেণ দত্তই ।