খানাপাৰাত উলহ মালহেৰে কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন

খানাপাৰাত উলহ মালহেৰে কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন

নয়নজ্যোতি তালুকদাৰ, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যজুৰি উলহ মালহেৰে উদযাপন কৰা হয় দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। অনুষ্ঠানত প্ৰথমে ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ এক বৰ্ণিল ইতিহাস আছে। তেওঁ ভাৰতৰ সনাতন ধৰ্মৰ বৰ্ণিল যাত্ৰাৰ বিষয়ে আলোকপাত কৰি কয় যে ভাৰতৰ প্ৰাচীন জ্ঞান, শাস্ত্ৰ আৰু সভ্যতা বিশ্বৰ ভিতৰতে চহকী। তেওঁ কয় যে মহান ভাৰতীয় আৰু ভাৰতীয় সংস্কৃতিৰ মহত্বৰ কথা আলোচনা কৰি মুক্তিকামী ভাৰতীয়সকলৰ অসীম ত্যাগৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰিছিল। তেওঁ অসমৰ স্বাধীনতা আন্দোলনৰ বৰ্ণময় অধ্যায় আলোচনা কৰি ৰঙিয়াৰ ৰাইজমেল আৰু পথৰুঘাটৰ ৰণ আদিৰ সংগ্ৰামৰ অধ্যায়ৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে বিভিন্ন প্ৰত্যাহ্বান নেওচি অসম আজি উন্নয়নৰ দিশত আগবাঢ়ি গৈছে। চৰকাৰে কৃষি অৰ্থনীতিৰ বিকাশৰ ওপৰত গুৰুত্ব দিছে। অৰুণোদয় আঁচনিখন অধিক জনপ্ৰিয় কৰি তোলা হৈছে । মাছ, কণী আদি উৎপাদনত অসম স্ব-নিৰ্ভৰশীল হৈছে। তেওঁ কয় যে অসমত ১৬ খন বিশ্ববিদ্যালয় আৰু ২২ খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল গঢ়ি তোলাৰ সপোন বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে। অসমত ৩০০০ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ২০৩৫ চনত অসমখনক সৌৰ শক্তি সম্পন্ন ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব। বিভিন্ন নতুন পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে কাজিৰঙাত ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ Elevated Corridor নিৰ্মাণ কৰা হ’ব। আগন্তুক দিনত অসমৰ ৫৮ লাখ মানুহক প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰতৰ আঁচনিখনত সামৰি লোৱা হ’ব। জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাত ৭৫ টাকৈ অমৃত পুখুৰী খনন কৰা হ’ব। জলাশয় সংৰক্ষণৰ বাবে পুৰণি আইন সংশোধন কৰি নতুন আইন প্ৰস্তুত কৰা হ’ব। নতুন শ্ৰমিক আইন প্ৰস্তুত কৰা হ’ব । অসমত নতুনকৈ ১৫,০০০ টা অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হ’ব । শিক্ষাৰ উন্নয়নৰ বাবে বিদ্যালয়বোৰত অসমীয়া আৰু ইংৰাজী ভাষাৰ পাঠ্যপুথি আৰম্ভ কৰা হ’ব । ৰাজ্যৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ উন্নয়নৰ বাবে ৪ কোটি টকাকৈ অনুদান দিয়া হ’ব বুলি তেওঁ কয়। তেওঁ লগতে কয় যে ফেচবুক, টুইটাৰত বিতৰ্কিত পোষ্ট কৰি গ্ৰেপ্তাৰ হোৱা আৰু চলি থকা গোচৰসমূহ ৰাজ্য চৰকাৰে উঠাই ল’ব। আদালতৰ বোজা হ্ৰাস কৰাৰ বাবে আৰু গুৰুত্বপূৰ্ণ অপৰাধৰ বিচাৰ সোনকালে কৰাৰ বাবে সামাজিক মাধ্যম সম্পৰ্কীয় ১ লাখ গোচৰ ৰাজ্য চৰকাৰে প্ৰত্যাহাৰ কৰিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। ইফালে খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেশৰ স্বাধীনতাৰ বাবে সৰ্বোচ্চ ত্যাগেৰে নিজৰ জীৱন উছৰ্গা কৰা মহান শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি কাননত পুৱা পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।