খাদ্য-সামগ্ৰীৰ দাম বৃদ্ধি পাই থকাৰ সময়তে ঔষধৰো দাম বৃদ্ধি

PC-Times Now

খাদ্য-সামগ্ৰীৰ দাম বৃদ্ধি পাই থকাৰ সময়তে ঔষধৰো দাম বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- প্রতিদিনে খাদ্য-সামগ্ৰীৰ দাম বৃদ্ধি পাই থকাৰ সময়তে দুখীয়া আৰু মধ্যবিত্ত লোকৰ বাবে এইবাৰ চিন্তা বঢ়াইছে ঔষধৰ অভাৱনীয় দামে।কাহ-জ্বৰ, ৰক্তচাপ, মধুমেহকে ধৰি প্ৰায় প্ৰতিবিধ ৰোগৰ ঔষধৰ দাম ১৫ৰ পৰা ২০ শতাংশলৈ বৃদ্ধিৰে ৰোগীকো চিন্তিত কৰি তুলিছে। ভাৰতীয় ৰাষ্ট্ৰীয় ফার্মাচিউটিকেল মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই এক এপ্ৰিলৰ পৰা অত্যাৱশ্যকীয়, জীৱন ৰক্ষাকাৰী ঔষধৰ দাম বৃদ্ধি হ’ব বুলি ঘোষণা কৰিছিল। সংস্থাটোৱে ১০.৭ শতাংশ মূল্যবৃদ্ধিৰ সম্ভাৱনাৰ কথা ঘোষণা কৰিছিল যদিও এনে সম্ভাৱনাক অধিক উদ্বিগ্ন কৰি এপ্ৰিল মাহৰ শেষ সময়ছোৱাতে প্রায় প্রতিবিধ ঔষধৰ দাম ২০ শতাংশলৈ বৃদ্ধি পোৱাত সাধাৰণ ৰাইজৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে।ঔষধৰ বজাৰত সাধাৰণ জ্বৰৰ ঔষধৰ দাম ২০ শতাংশলৈ বৃদ্ধি পাইছে। সেয়াই নহয়, কাহ, ৰক্তচাপ আৰু মধুমেহ ৰোগৰ ঔষধৰ দামো ২০ শতাংশলৈ বৃদ্ধি হৈছে। একেদৰে সকলো ভিটামিনৰ দাম ১৫ শতাংশকৈ বৃদ্ধি পাইছে। মধুমেহত আক্রান্ত ৰোগীৰ অতি প্রয়োজনীয় গ্লাইক’মেট-৫০০ৰ দাম ৯৫ টকাৰ পৰা ১২৫ টকালৈ বৃদ্ধি আৰু লিভাৰৰ বাবে ব্যৱহাৰ হৈ থকা ইউডিলিভৰ দাম ৬৪১ৰ পৰা ৬৯৪ টকালৈ বৃদ্ধি পাইছে। সেইদৰে ইনচুলিন লৈ থকা ৰোগীসকলৰ বাবেও এই দামবৃদ্ধিয়ে আনিছে বেয়া খবৰ। ইনছুলিনৰ দাম ১০ শতাংশকৈ বৃদ্ধি পাইছে ।