‘খাদ্য আৰু জীৱনশৈলীৰ বাবে নিৰ্দেশনা’ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত
অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান গুৱহাটীয়ে ‘ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা আয়ুৰ্বেদিক ঔষধৰ বিতৰণৰ লগতে খাদ্য আৰু জীৱনশৈলীৰ বাবে নিৰ্দেশনা’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত মুখ্য বক্তা হিচাপে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ বিষ্ণু প্ৰসাদ শৰ্মা উপস্থিত থাকে। প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক ডাঃ তাপসী বৰাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় ৪০-৫০জন বয়স্ক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ডাঃ বিষ্ণু প্ৰসাদ শৰ্মাই মুখ্য বক্তা হিচাপে ভাষণত সুস্থ জীৱন যাপনত আয়ুৰ্বেদিক পদ্ধতিসম্পৰ্কে ব্যাখ্যা কৰাৰ লগতে উপস্থিত শ্ৰোতাৰ মাদত সজাগতা সৃষ্টি কৰে। প্ৰতিষ্ঠানৰ সকলো জ্যেষ্ঠ চিকিৎসক, গৱেষণা অধিকাৰী সহিতে কৰ্মচাৰীবৃন্দও অনুষ্ঠানটোত উপস্থিত থাকে। কাৰ্যক্ৰমৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় প্ৰতিষ্ঠানৰ অনুসন্ধান অধিকাৰী ডাঃ মাশৰাম প্ৰবীণ ৰাধেশ্যামে। শেষত উপস্থিত সকলোৰে মাজত বিনাসূলীয়াকৈ সমসমনী বটি আয়ুৰ্বেদিক ঔষধবিধ বিতৰণ কৰা হয়।
(RT)