কৰ্মৰত চিকিৎসকক ঘুচিয়ালে মুখ্যমন্ত্ৰীৰ কন্যাই

Pc NDTV.com

কৰ্মৰত চিকিৎসকক ঘুচিয়ালে মুখ্যমন্ত্ৰীৰ কন্যাই

ৰঙিলী বাৰ্ত্তাসেৱা-  কৰ্মৰত চিকিৎসকক ঘুচিয়ালে মুখ্যমন্ত্ৰীৰ কন্যাই।  এপইণ্টমেণ্ট নোলোৱাকৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই চিকিৎসৰ ওপৰত জপিয়াই পৰিল মুখ্যমন্ত্ৰীৰ কন্যা।  মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ কন্যা মিলাৰী চংতেৰ এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। আইজলত এগৰাকী চিকিৎসকে এপইণ্টমেণ্ট নোলোৱাকৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ অসন্মত হোৱাক লৈ খঙত অগ্নিশৰ্মা হৈ পৰে মুখ্যমন্ত্ৰীৰ কন্যা মিলাৰী চংতে। চিকিৎসকজনে মুখ্যমন্ত্ৰীৰ কন্যাক স্বাস্থ্য পৰীক্ষা কৰাৰ পূৰ্বে ক্লিনিকৰ পৰা এপইণ্টমেণ্ট ল’বলৈ কৈছিল। তাৰ পিছতে যুৱতীগৰাকীয়ে চিকিৎসকৰ কোঠালৈ সোমাই আহি প্ৰচণ্ড ঘোচা সোধালে চিকিৎসকৰ মুখত।এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ছচিয়েল মিডিয়াত তীব্ৰ ককৰ্থনাৰ সন্মুখীন হয় মুখ্যমন্ত্ৰীগৰাকী। এই ঘটনাক লৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ মিজোৰাম ইউনিটে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদো সাব্যস্ত কৰে। ইয়াৰ পিছতে মিজোৰাম মুখ্যমন্ত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত ৰাজহুৱাভাৱে ক্ষমা বিচাৰে। নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলযোগে নিজৰ জীয়ৰীৰ এই অভৱ্য আচৰণৰ বাবে বাবে ক্ষমা বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।