কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ ১১ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ ১১ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ৫ নবেম্বৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ ১১তম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়৷ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে উপাধ্যক্ষা ড° মৌচুমী বৰদলৈ হাজৰিকাই ৷ অনুষ্ঠানত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° অনুপ কুমাৰ ডেকাই ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ কৰ্মজীৱন আৰু সংগীতৰ এটি বিশ্লেষণাত্মক বক্তৃতা আগবঢ়ায় ৷ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা ড° কানন মেধিয়ে ড° হাজৰিকাদেৱৰ বিষয়ে আলোকপাত কৰে ৷ অধ্যাপিকা ইন্দ্ৰানী গগৈ পানীফুকনে এটি ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰে ৷ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে গীত কবিতা নৃত্য পৰিবেশন কৰি সংগীতানুষ্ঠান টো জীপাল কৰি তোলে ৷ আজিৰ এই অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাৰ লগতে কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্হিত থাকে৷ মহাবিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ সহযোগত ছাত্ৰ একতা সভাই আয়োজন কৰা অনুষ্ঠানটিৰ আঁত ধৰে সাংস্কৃতিক বিভাগৰ সম্পাদিকা অংকিতা ডেকাই ৷