কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত বিশ্ব ড্ৰাগছ্ বিৰোধী দিৱস উদযাপন

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত বিশ্ব ড্ৰাগছ্ বিৰোধী দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ছয়মাইলস্হিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ’বিশ্ব ড্ৰাগছ্ বিৰোধী দিৱস’ৰ লগত সংগতি ৰাখি আজি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত Narcotics Control Bureau Guwahati Zonal Unit ৰ সহযোগত “International Day Against Drug Abuse & Illicit Trafficking – Say no to Drugs yes to Life ” শীৰ্ষক এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় ৷ আৰম্ভণিতে উপাধ্যক্ষা ড° মৌচুমী বৰদলৈ হাজৰিকাই উপস্হিত সকলোকে আদৰণি জনাই এনেধৰণৰ অনুষ্ঠানেৰে ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সজাগ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ৷ গুৱাহাটীৰ NCBৰ intelligence বিষয়া মনোজ চাউগুনাই তেওঁৰ বক্তৃতাত ড্ৰাগছৰ অপকাৰীতা , কুপ্ৰভাৱ ইত্যাদিৰ বিষয়ে বিস্তৃত আলোচনা দাঙি ধৰে ৷ তেওঁ মন্তব্য কৰে ভাৰতৰ দৰে সাংস্কৃতিক বৈশিষ্ট্যৰে পৰিপূৰ্ণ দেশখনৰ বিভিন্ন প্ৰান্তৰ যুৱসমাজক ড্ৰাগছৰ প্ৰভাৱে বৰ্তমান কোঙা কৰি পেলাইছে ৷ ফলত বহু মানুহৰ ঘৰুৱা সমস্যা, সামাজিক সমস্যা দিনক দিনে বাঢ়িছে ৷ ড্ৰাগছৰ প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ পথো তেওঁ নিৰ্দেশ কৰিছে ৷ যুৱ সমাজক তেওঁ ড্ৰাগছৰ প্ৰভাৱত নপৰি সুন্দৰ জীৱন গঢ়ি সমাজত ইতিবাচক প্ৰভাৱ পেলাবলৈ আহ্বান জনায় ৷ বক্তৃতানুষ্ঠানৰ পিছতে মহাবিদ্যালয় প্ৰাঙ্গণ আৰু ছয়মাইলত সহকাৰী অধ্যাপিকা নীলোফাৰ ইছলামে পৰিচালনা কৰা ড্ৰাগছ সম্পৰ্কীয় বাটৰ নাট”অন্ধকাৰ পথ” পৰিৱেশন কৰে৷আজি ’বিশ্ব ড্ৰাগছ বিৰোধী দিৱস’ উপলক্ষে খানাপাৰাৰ কৃষি বিশ্ববিদ্যালয়ৰ খেলপথাৰত মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ ছাত্ৰ-ছাত্ৰী আৰু আন ছাত্ৰ-ছাত্ৰী সকলৰ উদ্যোগত এই বাটৰ নাটখনৰ প্ৰদৰ্শনে ৰাইজৰ বিপুল সমাদৰ লাভ কৰে ৷ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ তত্বাৱধায়ক তথা দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ড° নুৰুল ইছলামে গোটেই অনুষ্ঠানটিৰ তদাৰক কৰে ৷