কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিৰ্মিত হস্তশিল্পৰ প্ৰদৰ্শনী

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিৰ্মিত হস্তশিল্পৰ প্ৰদৰ্শনী

ৰঙিলী বাৰ্ত্তাসেৱা-  কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত শিক্ষা বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিৰ্মিত হস্তশিল্প ও খাদ্য সামগ্ৰীৰ এখনি প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰদৰ্শনীখন মুকলি কৰি অধ্যক্ষা ড° শিখামণি কোঁৱৰে ছাত্ৰ-ছাত্ৰী সকলক এই ধৰনৰ প্ৰদৰ্শনী সমূহ তেওঁলোকৰ প্ৰতিভা বিকাশৰ মাধ্যম হিচাপে গ্ৰহণ কৰি ভৱিষ্যত জীৱনত আগুৱাই যাবলৈ আহ্বান জনায়। ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰদৰ্শনীখনত থলুৱা খাদ্য সম্ভাৰৰ লগতে হস্তনিৰ্মিত বিভিন্ন বস্ত্ৰৰ লগতে অন্যান্য সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰীৰ ব্যৱস্থা কৰা হয়। এই অনুষ্ঠানটিতে মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ দ্বাৰা পৰিচালিত মণ্টেশ্বৰী শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম সফলতাৰে সম্পন্ন কৰা শিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়।