কোভিড-১৯ৰ চিকিৎসাৰ বাবে এই পর্যন্ত বিশ্বত কোনো ঔষধ আৱিষ্কৃত হোৱা নাই৷ অৱশ্যে চিকিৎসা বিজ্ঞানে কৈছে যে কোনো ৰোগ প্ৰতিৰোধৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱা উচিত। ৰোধ প্ৰতিৰোধ শক্তি ভালে ৰখাৰ ক্ষেত্ৰত ভিটামিন ‘ডি’ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।
কেইবা প্ৰকাৰৰ ভিটামিন আছে। তাৰে ভিতৰত চৰ্বিত দ্ৰৱণীয় গুৰুত্বপূৰ্ণ ভিটামিন হ’ল ভিটামিন ‘ডি’। অন্ত্ৰৰ পৰা কেলচিয়াম আৰু ফছ্ফৰাছ শোষণ কৰা আইৰণ আৰু মেগনেচিয়াম দ্ৰৱীভূত কৰাৰ নিচিনা গুৰুত্বপূৰ্ণ কাম কৰে ভিটামিন ‘ডি’য়ে। বিশেষকৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তিশালী কৰি ৰাখে বাবে ক্ষতিকৰ ভাইৰাছ আৰু বেক্টেৰিয়াসমূহকো ৰোধ কৰিব পাৰে এই ভিটামিনে। ইয়াৰ উপৰি হাড় আৰু দাঁতৰ সুৰক্ষা, কিড্ন ৰোগ, ডায়েবেটিছ, হৃদৰোগকে ধৰি নানা ৰোগৰ সম্ভাৱনা হ্রাস কৰাৰ ক্ষেত্ৰতো এই ভিটামিনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।
বিশেষজ্ঞসকলে কৈছে যে কৰ’না আক্রান্ত ব্যক্তিৰ শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱ হ’লে অধিক ক্ষতি হ’ব পাৰে৷ কৰ’না ভাইৰাছৰ সৈতে শৰীৰৰ প্ৰতিৰক্ষা প্ৰণালীয়ে ইমান যুদ্ধ কৰে যে চাইট’কাইনি ষ্ট্ৰ’ম (Cytokine strom) নামৰ প্ৰদাহে দেখা দিয়ে। এই প্রদাহে শৰীৰৰ ভাল কোষবোৰ ধ্বংস কৰিব পাৰে। এই প্রদাহ হ্ৰাস কৰাৰ ক্ষমতা আছে ভিটামিন ‘ডি’ৰ। আনহাতে যিসকল ব্যক্তি কৰ’নাত আক্রান্ত হোৱা নাই, বিশেষকৈ ক’লা ছালৰ ব্যক্তিসকলক অধিক পৰিমাণে ভিটামিন ‘ডি’ গ্ৰহণ কৰি স্বাভাৱিক মাত্রা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। যাতে কৰ’না সংক্ৰমণৰ পৰা বাচি থাকিব পাৰে।
সম্প্রতি চিকাগো মেডিচিন বিশ্ববিদ্যালয়ৰ এক গৱেষণাত দেখা গৈছে যে যিসকলৰ শৰীৰত যথেষ্ট মাত্রাত ভিটামিন ‘ডি’ আছে, তেওঁলোকৰ কৰ’নাত আক্রান্ত হোৱাৰ সম্ভাৱন কম ৷ বিশেষকৈ ক’লা ছালৰ ব্যক্তিসকলৰ ক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ‘ডি’ নাথাকিলে কৰ’নাৰ সম্ভাৱনা অধিক। বিগত ১৯ মাৰ্চত জ্যাগঅ’পেন নেটৱৰ্কত এটা নিবন্ধ প্রকাশ হয়। তাত দেখা যায় ৩০-৪০ নেন’ গ্রাম (প্রতি মিলিলিটাৰত) ভিটামিন ‘ডি’ থকা ব্যক্তিৰ কৰ’না সংক্ৰমণৰ সম্ভাৱনা কম। আন এক গৱেষণাত দেখা গৈছে যে ৮০ শতাংশ কৰ’না সংক্ৰমিত ব্যক্তিৰ শৰীৰত ভিটামিন ‘ডি’ৰ স্বল্পতা আছে।
ভিটামিন ‘ডি’ৰ অভাৱ হ’লে নিম্নোক্ত উপসর্গসমূহ দেখা যায়-
ক্লান্তি আৰু অৱসাদ, হাড় আৰু পেশীৰ বিষ, বিষ- বিষন্নতা, অত্যাধিক চুলি সৰা, ঘা শুকাওঁতে দেৰি হোৱা ইত্যাদি।
কোনো ব্যক্তিৰ শৰীৰৰ ভিটামিন ‘ডি’ৰ অভাৱ আছে নে নাই জনাটো জৰুৰী। তাৰ বাবে ২৫ হাইড্র’ক্সি ভিটামিনৰ মাত্ৰা নিৰূপণ কৰিবলৈ তেজৰ পৰীক্ষা কৰিব লাগে। এই পৰীক্ষাৰ ফলাফলত যদি ভিটামিন ‘ডি’ৰ মাত্রা ২৯ নেন’ গ্ৰামৰ পৰা ৫০ নেন’ গ্রাম হয়, তেনেহ’লে বুজিব লাগিব যে ব্যক্তিজনৰ শৰীৰত পৰ্যাপ্ত ভিটামিন ‘ডি’ আছে৷ আনহাতে মাত্রা যদি ২০ নেন’ গ্রাম বা তাতোকৈ কম, বুজিব লাগিব ব্যক্তিজনে ভিটামিন ‘ডি’ৰ অভাৱত ভুগিছে।
বয়সভেদে ভিটামিন ‘ডি’ৰ প্রয়োজনীয়তাৰ তাৰতম্য আছে। এজন পূর্ণবয়স্ক মানুহৰ দৈনিক কমেও ৪০০ৰ পৰা ৬০০ ইণ্টাৰনেচনেল ইউনিট ভিটামিন ‘ডি’ গ্ৰহণ কৰা প্ৰয়োজনীয়। যদি সূৰ্যৰ ৰশ্মিৰ সংস্পৰ্শত কমকৈ থকা ব্যক্তি হয়, তেনেহ’লে পৰিমাণ হ’ব ১০০০ ইউনিট। ইয়াৰ অধিক গ্ৰহণ কৰিলে হাইপাৰ কেলচিয়ামৰ সম্ভাৱনা বৃদ্ধি হয়। যদিও ভিটামিন ‘ডি’ সম্পূৰক খোৱা নিৰাপদ তথাপি অত্যাধিক ভিটামিন ‘ডি’ গ্ৰহণৰ ফলত ৰক্তপ্ৰৱাহত কেলচিয়ামৰ মাত্ৰা বাঢ়ি যায়। যাৰ ফলত বমি বমি ভাব, দুর্বলতা, সঘন প্ৰস্ৰাৱ আদি হ’ব পাৰে। কিড্নীৰ পাথৰো হ’ব পাৰে।
ভিটামিন ‘ডি’ৰ প্ৰধান উৎস সূৰ্যৰ ৰশ্মি। দৈনিক অন্ততঃ ১০-১৫ মিনিট ৰ’দত থাকিব লাগে। তিনিটা উপায়েৰে ভিটামিন ‘ডি’ৰ ঘাটি পূৰণ কৰিব পাৰি— পর্যাপ্ত সূৰ্য ৰশ্মিৰ সেৱন নিশ্চিত কৰা, ভিটামিন ‘ডি’সমৃদ্ধ খাদ্য গ্রহণ, ভিটামিন ‘ডি’ পৰিপূৰক গ্ৰহণ ৷
৮০ শতাংশ ভিটামিন ‘ডি’ আহে সূৰ্যৰ কিৰণৰ পৰা, বাকী ২০ শতাংশ আহে খাদ্যৰ পৰা হাড়ৰ তৈয়াৰী আৰু গঠন ঠিক ৰখাৰ লগতে ই পাচনতন্ত্রত কেলচিয়ামৰ অধিক শোষণ, প্রদাহ হ্রাস আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ কৰিবলৈ সহায় কৰে। ইয়াৰ হ্ৰাস হ’লে শিশুৰ ৰিকেট, প্রাপ্তবয়স্কৰ অষ্টিঅ’মেলাছিয়া, অষ্টিঅ’পৰ’ছিছ, দুৰ্বল প্ৰতিৰোধ প্ৰণালী, কেঞ্চাৰৰ সম্ভাৱনা প্ৰজনন প্ৰণালীৰ দুৰ্বলতা আৰু ডায়বেটিছৰ সম্ভাৱনা অনেক গুণে বৃদ্ধি হ’ব পাৰে ৷
ভিটামিনযুক্ত খাদ্য : চর্বিযুক্ত মাছ, যেনে : চেলমন, ছাৰ্ডাইন, হেৰিং, মেকাৰেল আদি,
চর্বিযুক্ত মাংস (ৰেড মীট)
জন্তুৰ যকৃৎ,
কণীৰ কুহুম,
সমৃদ্ধিকৃত পুৱাৰ আহাৰ ইত্যাদি।