ক্ৰিকেটৰ পৰা অৱসৰ কেডাৰ যাদৱৰ

ক্ৰিকেটৰ পৰা অৱসৰ কেডাৰ যাদৱৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে অল ৰাউণ্ডাৰ কেডাৰ যাদৱে।কেডাৰ যাদৱে নিজৰ ছচিয়েল মিডিয়াৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰে। মহাৰাষ্ট্ৰৰ এইগৰাকী ক্ৰিকেটাৰে ইনষ্টাগ্ৰামত কিশোৰ কুমাৰৰ জনপ্ৰিয় ‘জিন্দেগী কি ছফৰ মে’ শীৰ্ষক গীতটো বেকগ্ৰাউণ্ডত ব্যৱহাৰ কৰি নিজৰ অৱসৰৰ কথা ঘোষণা কৰে।কেইবাজনো প্ৰাক্তন ক্ৰিকেটাৰৰ লগতে আই পি এলৰ প্ৰায় কেইটা ফ্ৰেঞ্চাইজি লগতে ক্ৰিকেট ৱেবচাইটে মন্তব্য কৰি তেওঁক পৰৱৰ্তী জীৱনলৈ শুভেচ্ছা জনাই ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।এইগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰে ভাৰতৰ হৈ মুঠ ৭৩ খন এদিনীয়া আৰু ৯ খন টি-২০ খেলিছিল। ২০১৯ ৰ এদিনীয়া বিশ্বকাপৰো সদস্য আছিল কেডাৰ যাদৱ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যাদৱে ৭৩ খন এদিনীয়া খেলি মুঠ ১৩৮৯ ৰাণ সংগ্ৰহ কৰিছে। আনহাতে ৯ খন টি-২০ খেলি তেওঁ ১২২ ৰাণ সংগ্ৰহ কৰিছে। ল’ আৰ্ম অফস্পীনাৰগৰাকীয়ে এদিনীয়াত ৫.৫ ইকনমিৰে মুঠ ২৭ টা উইকেট লাভ কৰিছে।