“কোভিড-১৯ সংক্রমণ সত্ত্বেও স্কুলসমূহ খোলা উচিত” – ডাঃ জীৱন দত্ত বৰুৱা

pc Britannica

কোভিড-১৯ সংক্রমণ সত্ত্বেও স্কুলসমূহ খোলা উচিত

ডাঃ জীৱন দত্ত বৰুৱা

ভাৰতত কোভিড-১৯ সংক্রমণ হোৱাৰ পাছত ২০২০ চনৰ মাৰ্চ মাহৰে পৰা দেশজুৰি লকডাউন আৰম্ভ কৰা হয়। তেতিয়াৰ পৰা স্কুলসমূহ বন্ধ হৈ আছে। ইয়াৰ ফলত শিশুসকলৰ কিমান ক্ষতি হৈছে ? স্কুলসমূহ পুনৰ খুলিলে হ’ব পৰা বিপদৰ সম্ভাৱনাৰ তুলনাত এই ক্ষতি কিমানখিনি হ’ব ? স্কুলত পঢ়া শিশুসকলৰ পিতৃ-মাতৃৰ মনত এই প্রশ্ন উদয় হোৱা স্বাভাৱিক। শিক্ষকসকল আৰু বৃত্তিৰত বিজ্ঞানীসকলৰ মনতো এনে প্ৰশ্নৰ উদয় হয় আৰু ইয়াৰ সমাধান বিচাৰিছে বিগত ১৬ মাহ জুৰি।

চিন্তনীয় কথাটো হ’ল, ভাৰততকৈ অধিক পৰিমাণৰ কোভিড-১৯ সংক্রমিত দেশত স্কুলসমূহ, বিশেষকৈ প্রাথমিক বিদ্যালয়সমূহ কম-বেছি পৰিমাণে খুলি ৰখা হৈছে। ইয়াৰ ভিতৰত আছে ইউৰোপীয় ৰাষ্ট্ৰ পর্তুগাল, ফ্রান্স, নেডাৰলেণ্ড আদি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাত ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা স্কুলসমূহ খোলা হৈছে। কোভিড-১৯ৰ দ্বিতীয় লহৰৰ সময়তো স্কুল খুলি ৰখা হৈছে। আনহাতে ভাৰতত অন্যান্য সেৱাসমূহৰ অধিকাংশই খোলা হৈছে। কিন্তু স্কুলসমূহৰ বেছিভাগেই বন্ধ ৰখা হৈছে।

স্কুল বন্ধৰ ক্ষতি অসীম। নাগৰিকসকলে সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত উন্নওতৰ ভৱিষ্যৎ আৰু উন্নওতৰ জীৱন-যাপন সম্ভাৱনা হেতু যথেষ্ট পৰিমাণে ধন বিনিয়োগ কৰে। কোভিড-১৯ সংক্ৰমণৰ পূৰ্বেও শিশুসকলৰ শিক্ষাপ্রাপ্তি সম্পূর্ণ হৈছে নে নাই বিশেষকৈ ওপৰ শ্ৰেণীত তাৰ বাবে উদ্বিগ্ন হৈ থাকে। দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিশুসকলৰ তলখাপৰখিনিৰ পটুতা দুবছৰ পিছ পৰি থাকে। তেওঁলোকৰ ভৱিষ্যৎ কি হ’ব ? পাছৰ প্ৰজন্মক গভীৰ দাৰিদ্ৰলৈ ঠেলি নিদিবনে ? জনবসতিপূর্ণ নগৰীয়া বস্তি অঞ্চলৰ দুখীয়া পৰিয়ালসমূহৰ শিশুসকলে স্কুল বন্ধ ৰখাৰ ফলত বাৰুকৈ ভুগিছে ৷ বস্তি অঞ্চলৰ বাসিন্দাসকলে কোভিড-১৯ মহামাৰীৰ মূল হেঁচা বহন কৰিছে; তুলনামূলকভাৱে তেওঁলোকৰ সৰহখিনিৰে কোভিড-১৯ৰ, বিৰুদ্ধে অসংক্রামক অধিক বুলি দেহৰস জৰীপৰ পৰা জানিব পৰা গৈছে।

২০২০ চনৰ নৱেম্বৰ মাহত ভাৰতৰ ১০খন ৰাজ্যত এক জৰীপ কৰা হৈছিল। দেখা গৈছে যে গ্ৰাম্য ভাৰতৰ দুই তৃতীয়াংশ শিশু স্কুল এৰি দিছে। অবিৰত স্কুল বন্ধই এই পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খুৱাইছে। এয়া বিশ্লেষণকাৰী পৰিসংখ্যা হাৰিয়ানাত ৪২ শতাংশ শিশুৱে স্কুল এৰি দিছে। দীর্ঘসূত্রী স্কুল বন্ধই ভাৰতৰ শিশুসকলৰ ভৱিষ্যৎ অপকাৰ কৰিছে ৷ বহুতো শিশু শ্রমিক হৈছে; শিশু বিবাহৰ সংখ্যা বৃদ্ধি হৈছে। স্কুল বন্ধ ৰখাৰ ফলত মধ্যাহ্ন ভোজন ব্যাহত হৈছে। ২০২০ চনৰ জুন মাহত কৰা এক জৰীপ অনুসৰি প্রায় ৮০০,০০০ (আঠ লাখ) পৰিতক্ত শিশুৰ শৰীৰ ওজন হ্ৰাস হ’ব। গঠনত কৃশ হ’ব।

ভাৰতৰ নগৰ অঞ্চলত বাস কৰা স্বচ্ছল লোকসকলৰ সন্তান আৰু উন্নত দেশসমূহে দীর্ঘম্যাদী স্কুল বন্ধই শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰবল কুপ্ৰভাৱ পেলায় ৷ আমেৰিকাৰ লাছ ডেগাছত শিশুসকলৰ আত্মহত্যাৰ জোঁৱাৰে স্কুল খুলিবলৈ বাধ্য কৰিছে। ব্রিটেইনত ৪০ শতাংশ শিশুৱে অৱসাদৰোধী ঔষধ সেৱন কৰিবলগীয়া হৈছে।

সঁচা কথা শিক্ষাতকৈ জীৱন অধিক গুৰুত্বপূৰ্ণ। কিন্তু ইতিমধ্যে উল্লেখ কৰা উদাহৰণে স্পষ্ট কৰি দিছে যে স্কুল মাথোন শিক্ষাদানৰ অনুদান নহয়। দীর্ঘদিন ধৰি স্কুল বন্ধ ৰাখিলে যি বিস্তৰ ক্ষতি হয়, সেই কথা অনুধাৱন কৰিবলৈ স্কুল খোলাৰ বিপদাশংকা পুংখানুপুংখভাৱে অনুসন্ধান কৰিব লাগিব ৷

প্রথম কথা আমি অনুধাৱন কৰিব লাগিব আৰু কৃতজ্ঞ হ’ব লাগিব যে প্রাপ্তবয়স্কসকলতকৈ শিশুৰ কোভিড-১৯ সংক্রমণ হোৱাৰ সম্ভাৱনা ভালেখিনি কম। ১৩৭ নিযুত স্কুলগামী শিশুৰ ওপৰত আমেৰিকা আৰু ব্রিটেইনত এক অধ্যয়ন কৰা হৈছিল। সেই অধ্যয়নৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে যে শিশুসকলৰ ক্ষেত্ৰত বতৰীয়া ইনফ্লুয়েঞ্জাতকৈ কোভিড-১৯ত আক্ৰান্ত  হোৱাৰ সম্ভাৱনা আধাতকৈয়ো ভালেখিনি কম। ছুইডেনত কোভিড-১৯ সংক্ৰমণৰ সময়তো স্কুল খোলা আছিল। তাত দুই নিযুত শিশুৰ ওপৰত এক অধ্যয়ন কৰা হৈছিল। দেখা গৈছে যে তাত এজনো শিশুৰ মৃত্যু হোৱা নাই। মুম্বাইত কৰা এক জৰীপৰ তথ্যৰ পৰা জানিব পৰা গৈছে যে ১৯ বছৰৰ অনুৰ্ধসকলৰ ক্ষেত্ৰত কোভিড-১৯ সংক্ৰমণত হোৱা মৃত্যুৰ হাৰ নিচেই সামান্য। তাৰ তুলনাৰ অন্যান্য কাৰণত হোৱা শিশুৰ মৃত্যুৰ হাৰ বহুত বেছি। ইয়াৰ পৰা আমি সিদ্ধান্ত ল’ব পাৰো যে শিশুৰ কোভিড-১৯ সংক্ৰমণত মৃত্যু হোৱাৰ সম্ভাৱনা তেনেই সামান্য।

আশংকা কৰা হৈছে কোভিড-১৯ৰ তৃতীয় লহৰ আহিলে শিশুক অধিক পৰিমাণে আক্রান্ত কৰিব পাৰে। যদি তথ্য অধ্যয়ন কৰো, তেনেহলে দেখিম যে প্ৰথম আৰু দ্বিতীয় লহৰৰ কোভিড-১৯ সংক্রমণৰ প্ৰক্ৰিয়া একে ধৰণৰ। গতিকে তৃতীয় লহৰত এই ধাৰা পৰিৱৰ্তিত হোৱাৰ কোনো বিজ্ঞানসন্মত কাৰণ নাই। এই কথাও জানিব পৰা গৈছে যে কোভিড-১৯ৰ ডেল্টা প্রজাতি বহুত কম পৰিমাণে বিপদসংকুল।

দ্বিতীয় প্রশ্ন হ’ল স্কুল খুলিলে শিক্ষক আৰু অভিভাৱকৰ কোভিড-১৯ সংক্রমণৰ আশংকা অধিক হ’ব নেকি? বিগত বছৰটোৰ ইউৰোপ আৰু আমেৰিকাত কেইবাটাও বিজ্ঞানসন্মত, সুচিন্তিত অধ্যয়ন কৰা হৈছে। এই অধ্যয়নৰ দৃষ্টান্তমূলক সিদ্ধান্ত হ’ল অন্য ঠাইতকৈ স্কুলত কোভিড-১৯ সংক্ৰমণৰ সম্ভাৱনা তেনেই সামান্য। এই সম্ভাৱনা অধিক হ্ৰাস কৰিবলৈ শিক্ষক আৰু অভিভাৱকসকলক অগ্ৰাধিকাৰ ভিত্তিত টিকাকৰণৰ ব্যৱস্থা কৰিব লাগিব।

সম্প্রতি এই ধৰণৰ আলোচনা কৰা হৈছে যে স্কুল খোলাৰ লগতে শিশুসকলকো টিকা দিব লাগে। এই সন্দৰ্ভত চিন্তনীয় যে শিশুৰ ক্ষেত্ৰত যিকোনো স্বাস্থ্য সম্পৰ্কীয় যত্ন লোৱাৰ ক্ষেত্ৰত বিপদাশংকা আৰু লাভালাভৰ তুলনামূলক অধ্যয়ন কৰিব লাগিব। কথা হ’ল আমেৰিকাত শিশুসকলৰ আৰ. এন. এ. টিকা দিয়াৰ ফলত কিশোৰসকলৰ হৃদপিণ্ড প্রদাহ হোৱাৰ সম্ভাৱনা থাকে। এই সন্দৰ্ভত অধিক অধ্যয়ন কৰিহে শিশুসকলৰ টিকা দিয়াৰ সিদ্ধান্ত লোৱা প্ৰয়োজনীয়। কিন্তু এই প্রক্রিয়া দীর্ঘম্যাদী হ’ব। ইমানদিনলৈ অপেক্ষা কৰিব নোৱাৰি। ইতিমধ্যে শিশুসকলে দীর্ঘম্যাদী স্কুল বন্ধ হেতু যথেষ্ট পৰিমাণে ভুগিছে। গতিকে অতি সোনকালে স্কুল খোলাৰ সিদ্ধান্ত ল’ব লাগিব যাতে শিশুসকল সকলো দিশৰ পৰা উপকৃত হয়।