কোভিডৰ এই দ্বিতীয় ঢৌৰ সময়ত ভাৰত ভ্ৰমণ নকৰিবলৈ সতৰ্ক ইউৰোপীয় সংঘৰ

বাৰ্ত্তাসেৱা – ইউৰোপীয় সংঘৰ অন্তৰ্গত দেশসমূহৰ নাগৰিকক ভাৰত ভ্ৰমণ নকৰিবলৈ সতর্ক কৰি দিয়া হৈছে। অতি  জৰুৰী নহ’লে ইউৰোপীয় সংঘৰ দেশসমূহৰ নাগৰিকে যাতে ভাৰত ভ্রমণ নকৰে সেই বিষয়ে সংঘৰ কাৰ্যবাহীয়ে বুধবাৰে সতর্ক কৰি দিয়ে৷ ভাৰতত কৰ’না ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সতৰ্কীকৰণ জাৰি কৰা হৈছে। ইউৰোপীয় আয়োগে ব্যক্ত কৰা মতে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত উদ্ভৱ হোৱা কৰ’নাৰ প্ৰকৰণ উদ্বিগ্নতাৰ কাৰণ বুলি সতর্ক কৰি দিয়াৰ পাছতে নাগৰিকসকলক ভাৰত ভ্ৰমণ নকৰিবলৈ আহ্বান জনোৱা হয়৷ এক বিবৃতিত সংঘই উল্লেখ কৰা মতে ভাৰতৰ পৰা কৰ’নাৰ সংক্ৰমণ আন দেশলৈ বিয়পি নপৰিবলৈ এনে সাৱধানতা অৱলম্বন কৰা হৈছে।