কোনবোৰ বস্তু বিষাক্ত ?
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আচাৰ্য চাণক্য প্ৰাচীন ভাৰতৰ এজন আদৰ্শ গুৰু, দাৰ্শনিক আৰু ৰাজ-উপদেষ্টা আছিল। তেওঁক কৌটিল্য অথবা বিষ্ণুগুপ্ত নামেৰেও অভিহিত কৰা হয়। আচাৰ্য চাণক্যই তৰুণ চন্দ্ৰগুপ্তক শিক্ষা প্ৰদান কৰিছিল আৰু মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ উত্থানত তেৱেঁই প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল । আপোনালোকৰ মনত হয়তো এতিয়া বহু জিজ্ঞাসায়ে ঘৰ কৰিছে যে, মই ইয়াত আচাৰ্য চাণক্যৰ কথা কিয় উল্লেখ কৰিছোঁ নহয়নে? সচৰাচৰ মোৰ মতে প্ৰায়বোৰ মানুহে গম পাওঁ যে,চণক্যৰ দ্বাৰা প্ৰচাৰিত নীতি সমূহ বৰ্তমান সময়তো বিশ্বজনীনভাবে প্ৰযোজ্য হৈয়ে আছে। সেয়েহে আমি পঢ়িবলৈ পোৱা অনুসৰি এসময় কোনো এজন ব্যক্তিয়ে চাণক্যক উদ্দেশ্য কৰি প্ৰশ্ন কৰিলে,বিহ কি হয় ? তেতিয়া চাণক্যই উত্তৰত কৈছিল, ‘প্ৰয়োজনতকৈ বেছি হোৱা প্ৰতিটো বস্তুয়ে বিহ হয়। লাগিলে সেইটো শক্তিয়ে হওঁক, ধন-সম্পতিয়ে হওঁক,ভোক,লোভ, অভিমান, এলাহ,আশা-আকাংক্ষা, প্ৰেম ভালপোৱা বা ঈর্ষা আদিয়ে নহওঁক ।’ এতিয়া কথা হ’ল আমাৰ ইয়াতে প্ৰচলিত মদ,ভাং আদিৰ দৰে মাদক দ্ৰব্য তথা ৰাগিয়াল বস্তু সমুহকে সচৰাচৰ বিষাক্ত ৰূপত আখ্যা দিয়া হয়। কিন্তু আপুনি কেতিয়াবা নিজে হয়তো গম পাইছে প্ৰয়োজনতকৈ অধিক দৈ, গাখীৰ,ঘি, আদিৰ দৰে সামগ্ৰী সেৱন কৰিলেওঁ আমাৰ শৰীৰৰ পক্ষে অতি ক্ষতিসাধন হয় নহয়নে ? আৰু আমাৰ সমাজত যিবোৰ বস্তু বিষাক্তৰ শ্ৰেনীত পৰে সেইবোৰ সেৱন নকৰিলে এনে কিছুমান ঠাই আছে যত হয়তো জীয়াই থাকিবলৈ বহু সংগ্ৰাম কৰিবলগীয়া হ’ব পাৰে। সেয়েহে যিকোনো বস্তুৰ লাভালাভ, গুণাগুণ নিৰূপণ নকাৰাকৈ চিধাই কোনো এবিধ বস্তুৰ ওপৰত দোষাৰোপ কৰিবলৈ যোৱাটো একেবাৰে ভুল সিদ্ধান্ত বুলি মানি লোৱা উচিত। কাৰণ একেবাৰে বিষাক্ত উপৰি বিষাক্ত বস্তুৰ পৰাওঁ আমি হয়তো উন্নত মানৰ ঔষধ তৈয়াৰ কৰিবলৈ সক্ষম হ’ম নহয়নে? তেন্তে কোনবোৰ বস্তু বিষাক্ত ? প্ৰয়োজনতকৈ বেছি হোৱা প্ৰতিটো বস্তুয়ে বিহ হয়। অৰ্থাৎ সকলো বস্তুৰে এটা সীমা থাকে। আমি কেতিয়াবা ভাল বস্তুবোৰ পালোঁ বুলিয়ে অত্যধিক ৰূপত সেৱন কৰিবলৈ যাওঁ তেন্তে অন্তিমত গে সেইবোৰ বস্তুৱে বিহৰ ৰূপ ধাৰণ কৰি লয়। ইয়াৰ উপৰিও অত্যাধিক ভাবে পোৱা ধন-সম্পত্তি, মৰম- ভালপোৱা, তদুপৰি অত্যধিক ৰূপত অভাৱ-অনাটন, লোভ, লালসা, ঈৰ্ষা আদি দৰে মানৱ জীৱনত জীৱিত অৱস্থাত আন্তৰিক বা বাহ্যিক ৰূপত পোৱা যিকোনো ধৰণৰ বস্তুয়ে প্ৰয়োজনতকৈ অধিক হ’লে এসময়ত গৈ গৈ বিহ সাদৃশ্য ৰূপ ধাৰণ কৰি আমাৰ মানৱ জীৱনত বহু অনিষ্ট সাধন কৰিব পাৰে।