কোঁচ-ৰাজবংশীৰ সেনাপতি বিশ্ব মহাবীৰ চিলাৰায়কো বৰফুকনৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰক চৰকাৰে

কোঁচ-ৰাজবংশীৰ সেনাপতি বিশ্ব মহাবীৰ চিলাৰায়কো বৰফুকনৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰক চৰকাৰে

নয়নজ্যোতি তালুকদাৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জাতীয় মহাবীৰ লাচিত বৰফুকনৰ ইতিহাসক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠাৰ বাবে সমগ্ৰ অসম তথা নতুন দিল্লীত চৰকাৰী পৃষ্ঠপোষকতাত যি অভূতপূৰ্ব কাৰ্যসূচী ৰূপায়ণ কৰি জাতীয় মহাবীৰ গৰাকীলৈ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে তাত নি:সন্দেহে আনন্দ লাভ কৰিছোঁ । লগতে এনেধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমৰ অৱহেলিত জাতি-জনগোষ্ঠীক ৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তোলাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হব । মহাবীৰ লাচিত বৰফুকন আৰু বিশ্ব মহাবীৰ চিলাৰায় ওৰফে সংগ্ৰাম সিংহ ক্ৰমে আহোম আৰু কোঁচ ৰজাৰ দুগৰাকী প্ৰধান সেনাপতি হোৱা সূত্ৰেই জাতীয় বীৰৰ মৰ্য্যাদা পাইছে । মহাবীৰ লাচিত বৰফুকনৰ তুলনাত বিশ্ব মহাবীৰ চিলাৰায়ৰ বীৰত্ব আৰু ঐতিহাসিক সুষমা বহু গুণেই বেছি । বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত বিশ্ব মহাবীৰ চিলাৰায়ৰ অৱদান অনস্বীকাৰ্য ইতিহাসে কয় । কোঁচ- ৰাজবংশী সকলৰ ইতিহাস আছে বাবেই সোণালী ভৱিষ্যত গঢ়িব পাৰে । সেয়েহে বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰচেষ্টাতেই বৃহত্তৰ অসম শাক্ত বৈষ্ণৱৰ মহামিলনৰ তীৰ্থভূমিত পৰিণত হৈছিল । আজিও কালাপাহাৰে ধ্বংস কৰা কামাখ্যা মন্দিৰৰ পুনঃনিৰ্মাণৰ কীৰ্তি আৰু অসমীয়া জাতিৰ মহাদেউল নিৰ্মাতা মহাপুৰুষ শংকৰদেৱক কোঁচ ৰাজ্যত আশ্ৰয় দিয়াকে ধৰি বৈষ্ণৱৰ সৰগ মধুপুৰ সত্ৰত তাৰেই স্বাক্ষৰ বহন কৰিছে । উল্লেখযোগ্য যে অসমৰ তদানন্তীন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই তেওঁৰে মন্ত্ৰীসভাৰ মন্ত্ৰী তথা সদৌ অসম কোঁচ ৰাজবংশী ক্ষত্ৰিয় সন্মিলনীৰ সভাপতি প্ৰয়াত কবীৰ ৰায় প্ৰধানীৰ সহযোগত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি ১৯৮৪ চনত অতি ধুমধামেৰে স্থাপন কৰিছিল । কিন্তু বৰ্তমান চৰকাৰে লাচিত বৰফুকনৰ দৰে বৰলুইতৰ বুকুত যিদৰে প্ৰতিমূৰ্তি স্থাপন কৰি লাচিত ঘাটলৈ নিৰ্মাণ কৰিলে তেনেদৰে বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি ব্ৰক্ষপুত্ৰৰ বুকুত স্থাপন কৰি চিলাৰায় ঘাটেৰে নামাকৰণ কৰি এক গঠনমূলক সিদ্ধান্ত লোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দৃষ্টি আকৰ্ষণ কৰিবলৈ আহ্বান জনালোঁ ।