‘কে.জি.এফ: চেপ্টাৰ ২ ‘ৰ ১২ দিনত বিশ্বজুৰি ৯০০ কোটিৰো অধিক উপাৰ্জন 

pc DNA India

‘কে.জি.এফ: চেপ্টাৰ ২ ‘ৰ ১২ দিনত বিশ্বজুৰি ৯০০ কোটিৰো অধিক উপাৰ্জন 

ৰঙিলী বাৰ্ত্তাসেৱা-  যশ অভিনীত কানাড়া চলচ্চিত্ৰ ‘কে.জি.এফ: চেপ্টাৰ ২’য়ে মুক্তিৰ ১২ দিনৰ ভিতৰত বিশ্বব্যাপী বক্স অফিচত ৯০০ কোটিৰো অধিক উপাৰ্জন কৰিছিল। সঞ্জয় দত্ত, ৰবীনা টণ্ডন, শ্ৰীনিধি চেট্টী আৰু প্ৰকাশ ৰাজে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা ছবিখন ইতিমধ্যে দংগল, বাহুবলী ২: দ্য কনক্লুচন, আৰআৰআৰ, বজৰংগী ভাইজান আৰু চিক্ৰেট চুপাৰষ্টাৰৰ পিছত সৰ্বকালৰ ষষ্ঠ সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে।