কেৰেলাত দুৰ্ঘটণাত পতিত নগাঁৱৰ কচুৱাৰ যুৱকৰ মৃত্যু

কেৰেলাত দুৰ্ঘটণাত পতিত নগাঁৱৰ কচুৱাৰ যুৱকৰ মৃত্যু

খাইৰুল ইছলাম,কচুৱা, ৰঙীল বাৰ্ত্তাসেৱা- নগাঁৱৰ কচুৱাৰ যুৱকৰ কেৰেলাত দুৰ্ঘটণাত পতিত হৈ মৃত্যু। মৃতদেহ ঘৰ পোৱা লগে লগে অঞ্চলজুৰি শোঁকৰ ছাঁ। যুৱক জন কচুৱাৰ চানখোলাৰ নুৰ আলম(৩৫)। কৰ্মসূত্ৰে তিনিমাহৰ আগতে কেৰেলাত গৈছিল নুৰ আলমে। যোৱা শুক্ৰবাৰে নুৰ আলমে বজাৰ কৰিব যোৱাৰ অৱস্থাত গাড়ীৰ খুন্দাত গুৰুতৰ ভাৱে আহত হোৱাৰ পিছত চিকিৎসালয়ত মৃত্যু হয় নুৰ আলমৰ। বিবাহিত নুৰ আলমৰ মৃতদেহ ঘৰ পোৱাৰ পিছতেই অঞ্চলজুৰি শোঁকৰ ছাঁ পৰিছে।