কেৰালাৰ টুৱেণ্টি-২০ পাৰ্টিৰ সৈতে মিত্ৰতা ঘোষণা আপৰ

pc Mint

কেৰালাৰ টুৱেণ্টি-২০ পাৰ্টিৰ সৈতে মিত্ৰতা ঘোষণা আপৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ (আপ) ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে থ্ৰিককাকাৰা বিধানসভা উপনিৰ্বাচনৰ পূৰ্বে তেওঁৰ দল আৰু কেৰালাৰ টুৱেণ্টি-২০ দলৰ মাজত মিত্ৰতা ঘোষণা কৰে, “এতিয়া কেৰালাত চাৰিটা ৰাজনৈতিক মিত্ৰতা হ’ব- এলডিএফ, ইউডিএফ, এন ডি এ আৰু আমাৰ মিত্ৰজোঁটৰ নাম হ’ব পিপলছ ৱেলফেয়াৰ এলায়েন্স”। কেজৰিৱালে কোচি ভ্ৰমণ কৰিছিল আৰু মিত্ৰতাৰ বিষয়ে ঘোষণা কৰিছিল। তেওঁ টুৱেণ্টি-২০ পাৰ্টিৰ মুৰব্বী চাবু জেকবৰ উপস্থিতিত এই কথা ঘোষণা কৰিছিল। ভাৰতৰ নিৰ্বাচন আয়োগে ত্ৰিক্কাকাৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ৩১ মে’ অনুষ্ঠিত হ’ব আৰু ভোটসমূহ ৩ জুনত গণনা কৰা হ’ব।