কেয়াৰ লুইত ফাউণ্ডেচনে প্ৰদান কৰি অহা  ২০২১-২২ বর্ষৰ ‘ছন অৱ দ্য ছইল এৱাৰ্ডছ ইন আছাম’ বঁটা প্ৰদান

pc- ALLEvents.in

কেয়াৰ লুইত ফাউণ্ডেচনে প্ৰদান কৰি অহা  ২০২১-২২ বর্ষৰ ‘ছন অৱ দ্য ছইল এৱাৰ্ডছ ইন আছাম’ বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ হোটেল ভিভাণ্টাতত কেয়াৰ লুইত ফাউণ্ডেচনে প্ৰদান কৰি অহা ‘ছন অব দ্য ছইল এৱাৰ্ডছ ইন আছাম’ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতাৰে প্ৰতিষ্ঠা লাভ কৰা যুৱপ্ৰজন্মৰ বিভিন্ন উদ্যমী, উদ্যোগী ব্যক্তিক প্ৰদান কৰা এই বঁটা ৰাজহুৱা প্ৰশাসন, সংবাদ মাধ্যম, উদ্যোগী, কলা সংস্কৃতি আৰু ক্ৰীড়া এই পাঁচটা শিতানত আগবঢ়োৱা হয়।। ২০২১-২২ বর্ষৰ ‘ছন অৱ দ্য ছইল এৱাৰ্ডছ ইন আছাম’ বঁটা অসমৰ থলুৱা গীত-মাত-লোকসংস্কৃতিক দিহানাম, টোকাৰী গীত আদিৰ জৰিয়তে প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগাই অহা বিশিষ্ট শিল্পী কমলা গগৈ, বিগত দুই-তিনি বছৰত ৰাষ্ট্ৰীয় চাইকেলিঙত একেৰাহে দেখুওৱা সফলতা আৰু ১৪ বছৰ অনূর্ধ্ব ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে আৰু খেল ইণ্ডিয়া যুথ গেমছ ২০২০ত ব্যক্তিগত শাখাত ২ কিলোমিটাৰত সফলতা অর্জন কৰিবলৈ সক্ষম হোৱা বিমাঞ্জু ৰয়, ছেইণ্ট ষ্টিফেনছ কলেজ আৰু বেংগালুক আই আই এমৰ পৰা শিক্ষা শেষ কৰি অসমৰ বাক্সা জিলাৰ হৰহৰিয়া গাঁৱত কমিউনিটী ফার্মিং আৰম্ভ কৰি নিজৰ বিশেষ দক্ষতাৰ সফল প্ৰয়োগেৰে ডায়েৰী ফার্মিং আৰু প্ৰাথমিক ডায়েৰী সমবায় স্থাপন কৰাৰ লগতে সফলতাৰে উপাৰ্জন কৰিবলৈ সক্ষম হোৱা উদ্যোগী পুষ্পধৰ দাস, ভাৰত চৰকাৰৰ সন্মানীয় আই আৰ এছ বিষয়া হিচাপে সংবাদ মাধ্যমৰ জৰিয়তে সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা আশ্বিক জামান, বিভিন্ন বঁটা-সম্মানেৰে বিভূষিত সাংবাদিক তৰা আগৰৱালাক প্ৰদান কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অৰণ্য মানৱ পদ্মশ্রী যাদব পায়েং, ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে।