কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক হ্ৰাস

pc the economic times

 কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক হ্ৰাস

ৰঙিলী বাৰ্ত্তাসেৱা- দেশবাসীক সাময়িক সকাহ কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰে মাজনিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিলিটাৰ পেট্ৰলত ৯.৫০ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ৭ টকা হ্ৰাস কৰিছে।বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত কেন্দ্ৰীয় আবকাৰী শুল্ক ক্ৰমান্বয়ে প্ৰতি লিটাৰত ৮ আৰু  প্ৰতিলিটাৰ ডিজেলত ৬ টকা হ্রাস কৰিছে। আবকাৰী শুল্ক হ্রাস কৰাৰ পিছত প্ৰতিলিটাৰ পেট্ৰ’লত ৯.৫০ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ৭ টকাকে হ্রাস পাব। কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰি পেট্র’ল-ডিজেলৰ দাম কিছু হ্ৰাস কৰাৰ পিছত সকলো ৰাজ্যকে, বিশেষকৈ যিকেইখন ৰাজ্যই ২০২১ চনৰ নৱেম্বৰত দুয়োবিধ ইন্ধনৰ দাম হ্ৰাস কৰা নাছিল, সেইকেইখন ৰাজ্যক দাম হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্রী সীতাৰমণে আহ্বান জনায় ।