কেন্দ্ৰীয় কাৰাগাৰত আজাদী কা অমৃত মহোৎসৱৰ অনুষ্ঠান

Pc DD News

কেন্দ্ৰীয় কাৰাগাৰত আজাদী কা অমৃত মহোৎসৱঅনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা –  গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰচ’ৰাত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ প্ৰথম কার্যসূচী অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৰুষ, মহিলাসহ সমূহ কাৰাবাসীৰ মাজত যোগ, ধ্যান আৰু আধ্যাত্মিক ভাষণ দিয়া অনুষ্ঠানৰ আয়োজন কৰা হয়। পতঞ্জলি যোগপীঠৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী বিকাশ গোস্বামীয়ে বন্তি প্রজ্জ্বলন কৰে। কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰে আদৰণী ভাষণ দিয়াৰ পাছতে বিশিষ্ট অতিথি মহানগৰ জিলা ন্যায়িক সেৱাৰ প্ৰাধিকাৰী চাতুর্য প্রসাদ তালুকদাৰে যোগভ্যাসৰ বিষয়ে বক্তব্য আগবঢ়ায়।