কেন্দ্ৰই আভ্যন্তৰীণ নিৰাপত্তা সম্পৰ্কীয় এক ৰাষ্ট্ৰীয় ডাটাবেছৰ ওপৰত কাম কৰি আছেঃ অমিত শ্বাহ

PC- Hindustan Times

 কেন্দ্ৰই আভ্যন্তৰীণ নিৰাপত্তা সম্পৰ্কীয় এক ৰাষ্ট্ৰীয় ডাটাবেছৰ ওপৰত কাম কৰি আছেঃ অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে  কয় যে কেন্দ্ৰই সন্ত্ৰাসবাদীৰ পুঁজি, বোমা বিস্ফোৰণ, নিচাজাতীয় সামগ্ৰী, জাল মুদ্ৰা, হাৱালা আৰু সন্ত্ৰাসবাদক সামৰি আভ্যন্তৰীণ নিৰাপত্তা সম্পৰ্কীয় এক ৰাষ্ট্ৰীয় ডাটাবেছৰ ওপৰত কাম কৰি আছে। ১৩ তম ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) দিৱসৰ কাৰ্যসূচীত ভাষণ দি শ্বাহে লগতে কয় যে এই ডাটাবেচে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কেন্দ্ৰীয় সংস্থা আৰু আৰক্ষীক তদন্তত সহায় কৰিব।