কেনভাচ – সুনম বিশ্বাস

PC Adobe Stock

কেনভাচ

সুনম বিশ্বাস,
গোৰেশ্বৰ, তামুলপুৰ

মোৰ প্ৰথম কেনভাচত
কাজলী ৰঙেৰে আঁকিম
প্রাপ্তি-অপ্রাপ্তিৰ সীমনাত
ৰৈ থকা…!
কম্পিত এতিয়াই মোৰ দুই পানি
তুলিকা লৈ শন্তেক থমকি ৰম চাগৈ
(তোমাৰ এটি স্পৰ্শৰ বাবে, কিন্তু…)
কিন্তু ৰুদ্ধ কৰিব নোৱাৰে কোনেও,
মোৰ তুলিকাৰ সুৰুষমুখী গতি
স্বপ্ন হৈ থকা প্রতিটো আশাই
এবষ্ট্রাক্ট (abstract) ৰূপত
বাস্তাবায়িত কৰিম, ই শাশ্বত
মৰীচিকাৰ সন্ধানত দৌৰা,
সর্বস্বান্ত পথিক মই
সাম্প্ৰতিক  মোৰ হাতত একোৱেই নাই
আছে মাথো লাঞ্ছনা , বঞ্চনা
সেয়ে  যেন উন্মুক্ত গগনৰ তলত
জীয়াই আছো এটা ঢোৰাসাপ হৈ
তথাপি বিষাদাতুৰ মনৰ কোণত
পেষ্টেল্ কালাৰে এতিয়াহে
আঁকিব বিচাৰে সেইদিনকেইটাৰ
কিছু স্থিৰচিত্ৰ …
ও হো ! নোৱাৰোয়েই মই সম্ভালিব
অশ্রুপ্লেটৰ ৱাটাৰ কালাৰে
তিয়াই দিয়ে মোৰ আর্ট পেপাৰ
কিন্তু, তেনে স্থিতিৰ বাঞ্ছা নকৰোঁ
মেঘাচ্ছন্ন নহয় যেন, বতৰ
ওচৰত নাই, নাথাকা তুমি,দূৰৰ পৰাই
এবাৰ ৰিঙিয়াই দিবা
অপেক পদ্ধতিৰে এবষ্ট্রাক্ট ৰূপত
মোৰ প্রথম কেনভাচত…!