কেঞ্চাৰত কেম’থেৰাপিতকৈ ইমিউন’থেৰাপিৰ চিকিৎসা পাৰ্শ্বক্ৰিয়াহীন’

কেঞ্চাৰত কেম’থেৰাপিতকৈ ইমিউন’থেৰাপিৰ চিকিৎসা পাৰ্শ্বক্ৰিয়াহীন’ ::
ডিব্ৰুগড়ত আই.এম.এৰ চেমিনাৰত বিশিষ্ট কেঞ্চাৰ বিশেষজ্ঞ ডাঃ কুঞ্জহৰি মেধি

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- কেঞ্চাৰ এতিয়া আৰু দুৰাৰোগ্য ৰোগ হৈ থকা নাই৷ এই ৰোগৰ চিকিৎসাত এতিয়া বহুল উন্নতি ঘটিছে৷ ইমিউন’থেৰাপি হ’ল কেঞ্চাৰৰ চিষ্টেমিক চিকিৎসাত এক নতুন আলোড়ন৷ ইয়াৰ দ্বাৰা ৰোগ প্ৰতিৰোধকাৰী কোষ [ ইমিউন চেল] কিছুমানক কেঞ্চাৰৰ কোষৰ বিৰুদ্ধে সক্ৰিয় কৰা হয় আৰু এইবোৰে কেঞ্চাৰৰ কোষবোৰক ধ্বংস কৰে৷ ইয়াত কেম’থেৰাপিৰ দৰে মানৱ শৰীৰত পাৰ্শ্বক্ৰিয়া নহয়৷ কাৰ-টি চেল থেৰাপি আন এবিধ ইমিউন’থেৰাপি৷ কিছুমান ব্লাড কেঞ্চাৰত এই থেৰাপিৰ ব্যৱহাৰ কৰা হয়৷ ইয়াত ৰোগীৰ শৰীৰৰ পৰা টি-ছেল উলিয়াই জেনেটিক ইঞ্জিনিয়েৰিঙৰ সহায়ত প্ৰশিক্ষণ দিয়াই প্ৰশিক্ষণপ্ৰাপ্ত কোষৰ সংখ্যা বৃদ্ধি কৰি কেঞ্চাৰৰ কোষৰ লগত যুঁজিবলৈ পুনৰ মানৱ শৰীৰত সুমুৱাই দিয়া হয়৷ এই বক্তব্য বিশিষ্ট কেঞ্চাৰ বিশেষজ্ঞ তথা দিল্লীৰ মেডাণ্টা-গুৰুগ্ৰাম কেঞ্চাৰ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সঞ্চালক, অসম সন্তান ডাঃ কুঞ্জহৰি মেধিৰ৷ যোৱা ২৮ ছেপ্টেম্বৰৰ সন্ধিয়া মেডাণ্টা-গুৰুগ্ৰাম তথা ডিব্ৰুগড় আই.এম.এৰ যৌথ উদ্যোগত আৰু আই.এম.এৰ ডিব্ৰুগড় কাৰ্যালয়ত আয়োজিত এক কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ শেহতীয়া অগ্ৰগতি সম্পৰ্কীয় এক ছেমিনাৰত অংশগ্ৰহণ কৰি এইদৰে কয় ডাঃ মেধিয়ে৷ নাতিদীৰ্ঘ ভাষণত কেঞ্চাৰ ৰোগৰ বিভিন্ন কাৰকসমূহৰ লগতে প্ৰতিৰোধৰ বাবে সজাগতাৰ বাদে আন বিকল্প নাই বুলি উল্লেখ কৰি তেওঁ কয় যে কেঞ্চাৰ আচলতে এক চিষ্টেমিক ৰোগ৷ আৰম্ভণিতে টিউমাৰ এঠাইত থাকিলেও বেচিভাগেই অনতিপলমে চিষ্টেমিক হৈ পৰে অৰ্থাৎ শৰীৰৰ বিভিন্ন ঠাইলৈ বিয়পি পৰে যাক মেটাষ্টেচিচ বুলি কোৱা হয়৷ চিষ্টেমিক চিকিৎসাৰ ক্ষেত্ৰখনত নবীনতম আন এক সংযোজন হৈছে ‘এণ্টিবডি ড্ৰাগ কঞ্জুগেট’ চমুকৈ ‘এডিচি’৷ ইয়াত আচলতে কেম’থেৰাপিৰ ঔষধ আৰু টাৰ্গেটেড থেৰাপিৰ অণুৱে একেলগে কাম কৰে৷ যাৰ ফলত কেম’থেৰাপিৰ ঔষধটোৱে টাৰ্গেটটোৰ দ্বাৰা চিনাক্ত কৰি কেৱল কেঞ্চাৰ কোষবোৰকহে আক্ৰমণ কৰি ধ্বংস কৰে৷ ইয়াৰ ফলত কেম’থেৰাপি ঔষধটো সাধাৰণ কেম’থেৰাপিতকৈ অধিক ফলপ্ৰসূ হয় আৰু পাশ্বৰ্ক্ৰিয়া কম হয়৷ এই সকলোবোৰ চিষ্টেমিক চিকিৎসাৰ সুবিধা আমাৰ দেশৰ উন্নত কেঞ্চাৰৰ চিকিৎসা কেন্দ্ৰসমূহত আছে আৰু আমি বিভিন্ন স্তৰৰ কেঞ্চাৰত সঘনাই ব্যৱহাৰ কৰি আহিছো৷ চিকিৎক গৰাকীয়ে অৱশ্যে এই চিকিৎসা আজিও ব্যয়বহুল বুলি উল্লেখ কৰি খৰছৰ পৰিমাণ দুইৰ পৰা ছয়লাখপৰ্যন্ত বুলি জানিবলৈ দিয়ে৷ ডিব্ৰুগড় শাখা ‘আই.এম.এ’ৰ সভাপতি ডাঃ জি এছ বৰগোহাঁইৰ সঞ্চালনাত অনুষ্ঠিত ছেমিনাৰখনিৰ আৰম্ভণিতে বক্তা ডাঃ মেধিৰ চিকিৎসক জীৱন সম্পৰ্কে চমুকৈ আলোকপাত কৰে সম্পাদক ডাঃ মৃগাংক বৰুৱাই৷ ছেমিনাৰত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকৎ পাত্ৰ, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰীণা আহমেদ, ডাঃ ইউ. টি. ভূঞা, আই.চি.এম.আৰৰ জ্যেষ্ঠ বিজ্ঞানী ডাঃ বিশ্ব বৰকাকতি, কেঞ্চাৰৰ স’তে জৰিত চিকিৎসক ডাঃ গায়ত্ৰী গগৈ, ডাঃ উমাশংকৰ কুটুম, ডাঃ ডাংকান খনিকৰ, ডাঃ ফৌজিয়া এছ হাকিমৰ লগতে কেঞ্চাৰ সজাগতা অনুষ্ঠান ‘প্ৰতিশ্ৰুতি’ৰ বহু কেইগৰাকী বিষয়ববীয়া, ‘আই.এমএ.’ৰ বিষয়ববীয়া আৰু অৰ্ধশতাধিক বিভিন্ন বিভাগৰ চিকিৎসক উপস্থিত থাকে৷