কেগ প্ৰতিবেদনত ইন্ধনৰ মূল্যবৃদ্ধিৰ তথ্য

Pc- Telegraph India

কেগ প্ৰতিবেদনত ইন্ধনৰ মূল্যবৃদ্ধিৰ তথ্য

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল ডিজেলৰ পৰা অভাৱনীয় হাৰত কৰ সংগ্ৰহ কৰাৰ গুৰুত্বপূর্ণ তথ্য  পোহৰলৈ আহিছে। কেগত দেশত ক্রমবর্ধমান মূল্যবৃদ্ধিৰ আঁৰত থকা ৰহস্য উন্মোচন হৈছে। নতুনকৈ প্রকাশ পোৱা কেগৰ বিভাগীয় প্রতিবেদন অনুসৰি যোৱা বছৰ মে’ মাহত যেতিয়া সমগ্র দেশ লকডাউন হৈ আছিল, সেই সময়ত কেন্দ্রীয় চৰকাৰে পেট্ৰ’লৰ আবকাৰী শুল্ক প্রতিলিটাৰত ২২.৯৮ টকাৰ পৰা ৩২.৯ টকালৈ বৃদ্ধি কৰিছিল। এবাৰতে বৃদ্ধিৰ হাৰ ৪৩ শতাংশ। ২০২০ চনৰ ৫ মে’ত বৃদ্ধি কৰা এই আবকাৰী শুল্ক ডিজেলৰ ক্ষেত্ৰত বৃদ্ধি হৈছিল ১৮.৮৩ টকাৰ পৰা ৩১.৮০ টকালৈ। ডিজেলৰ ক্ষেত্ৰত এই বৃদ্ধিৰ হাৰ ৬৮ শতাংশ। কেগৰ প্ৰতিবেদন অনুসৰি ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা ২০২০ চনৰ মাৰ্চ মাহলৈকে পেট্ৰ’ল, ডিজেল আৰু প্ৰাকৃতিক গেছৰ পৰা কেন্দ্ৰীয় চৰকাৰে মুঠ ২.৩৯ লাখ কোটি টকাৰ কৰ আদায় কৰিছিল। পৰৱৰ্তী বিত্তীয় বৰ্ষত অর্থাৎ ২০২০-২১ বিত্তীয় বৰ্ষত যেতিয়া সমগ্র দেশবাসী ক’ভিড-১৯ৰ প্ৰকোপত জুৰুলা হৈ পৰিছিল, সেই সময়ত কেন্দ্রীয় চৰকাৰে পেট্র’ল, ডিজেল, প্রাকৃতিক গেছত অতিৰিক্ত কৰৰ বোজাৰে সৰ্বসাধাৰণ ৰাইজৰ পৰা সংগ্ৰহ কৰিলে ৩.৮৯ লাখ কোটি টকা। মাত্ৰ এবছৰতে কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পালে ৬৩ শতাংশলৈ (১.৫০ লাখ কোটি টকা)।