কৃষি আইন সংসদত প্ৰত্যাহাৰ নকৰালৈকৈ কৃষক আন্দোলন চলি থাকিব

pc times of india

কৃষি আইন সংসদত প্ৰত্যাহাৰ নকৰালৈকৈ কৃষক আন্দোলন চলি থাকিব

ৰঙিলী বাৰ্ত্তাসেৱা- কৃষক বিৰোধী কৃষি আইন তিনিখন প্ৰ্ত্যাহাৰ কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা ঘোষণাক অসম ৰাজ্যিক কৃষক সভাই অদৰণি জনাইছে। সংগঠনটোৰ সম্পাদক টিকেন দাসে এক প্ৰেছ বিবৃতি যোগে কয়- প্ৰধানমন্ত্ৰীৰ ঘোষণাত কৃষক সভা আশ্বস্ত হ’ব পৰা নাই । প্ৰধানমন্ত্ৰী জনে পূৰ্বেও বহু ঘোষণা কৰিছিল আৰু প্ৰতিশ্ৰুতি আগবঢ়াইছিল, তেনেকুৱা বহু ঘোষণা আৰু প্ৰতিশ্ৰুতি পূৰণ হোৱা নাই । প্ৰধানমন্ত্ৰীৰ ঘোষণাত কৃষকৰ আংশিক দাবীহে উল্লেখিত হৈছে । নিম্নতম সমৰ্থন মূল্য সম্পৰ্কে স্বামীনাথন আয়োগৰ সূত্ৰ C2+50% অনুযায়ী ফচলৰ মূল্য  নিৰ্ধাৰণ কৰা, নিম্নতম সমৰ্থন মূল্যত ফচল ক্ৰয়ৰ বাবে আইন প্ৰনয়ন কৰা ইত্যাদি দাবী সম্পৰ্কত প্ৰধানমন্ত্ৰীজনৰ সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে । কৃষক বিৰোধী কৃষি আইন তিনিখন প্ৰত্যাহাৰ কৰাৰ লগতে বিদ্যুৎ সংশোধনী আইনকে ধৰি উল্লেখিত সকলো দাবীৰ বাবে আন্দোলন কৰোতে যোৱা এবছৰৰ আন্দোলনকালত প্ৰায় ৭৫০ গৰাকী কৃষকে শ্বহীদৰ মৃত্যু বৰণ কৰে ।  প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ঘোষণা অনুযায়ী সংসদত কৃষি আইন তিনিখন প্ৰত্যাহাৰ নকৰা আৰু আনসকলো দাবীৰ ক্ষেত্ৰত স্পষ্ট কাৰ্যকৰী আইন প্ৰণয়ন নকৰালৈকে  কৃষক আন্দোলন চলি থাকিব বুলি ইতিমধ্যে সংযুক্ত কিষান মৰ্চাই ঘোষণা কৰে । সংযুক্ত কিষাণ মৰ্চাৰ অন্যতম অংশীদাৰ হিচাপে অসম ৰাজ্যিক কৃষক সভাই অসমৰ জনসাধাৰণক আহবান জনাইছে চৰকাৰী পক্ষৰ যিকোনো ধৰণৰ প্ৰচাৰ-অপপ্ৰচাৰত যাতে ভোল নাযায় আৰু কৃষক বিৰোধী, কৰ্পৰেট স্বাৰ্থবাহী কৃষি আইন তিনিখন আৰু বিদ্যুৎ সংশোধনী আইন সংসদত প্ৰত্যাহাৰ নোহোৱালৈকে ধৈৰ্যসহকাৰে চৰকাৰৰ গতিবিধি লক্ষ্য কৰি থাকিবলৈ আহবান জনায়। আগন্তুক সময়ছোৱাত কৃষক আন্দোলনৰ সমৰ্থক সকলৰ একতাক যাতে কোনো অৱস্থাতে চৰকাৰী ষড়যন্ত্ৰই বিঘ্নিত কৰিব নোৱাৰে, তাৰ প্ৰতিও সতৰ্ক থাকিবলৈ অসম ৰজ্যিক কৃষক সভাই আহবান জনাইছে৷