কুষ্ঠৰোগৰ সজাগতা সভা 

কুষ্ঠৰোগৰ সজাগতা সভা 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যিক কুষ্ঠৰোগ কোষ আৰু কামৰূপ মহানগৰ জিলা কুষ্ঠৰোগ কোষৰ সৌজন্যত ৩০ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ পষেক জোৰা বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। আজি নগাঁও জিলা কঁঠিয়াতলি শংকৰদেৱ বিদ্যা নিকেতন প্রাংগনত কঁঠিয়াতলি প্রাথমিক স্বাস্থ্য কেন্দ্ৰ নগাঁও জিলাৰ কুষ্ঠকোষ শংকৰদেৱ বিদ্যা নিকেতন কঁঠিয়াতলিৰ বিষয়ববীয়া আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত এখনি কুষ্ঠ ৰোগৰ সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত নিমন্ত্রিত বক্তা হিচাপে যুটীয়া স্বাস্থ্য সঞ্চালক (কুষ্ঠ ৰোগ) অসম,তথা ৰাজ্যিক কুষ্ঠ ৰোগ বিষয়া, অসম মহোদয় উপস্থিত থাকে ৷ সভাত কুষ্ঠ ৰোগৰ বিভিন্ন বিভিন্ন লক্ষণ, ৰোগৰ কাৰণ, চিকিৎসা ব্যবস্থা আৰু সমাজত কুষ্ঠ ৰোগৰ ওপৰত থকা অন্ধবিশ্বাস আৰু কু-সংস্কাৰ ৰোধ কৰাৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয় ৷ সভাত বিশিষ্ট অতিথিৰ ভাষণত অসম ৰাজ্যিক কুষ্ঠ ৰোগ বিষয়া ডাঃ চিন্তা ৰাম হাজৰিকাদেৱে সকলোৱে মিলি কুষ্ঠ ৰোগক এক ইতিহাস বনাবলৈ আহ্বান জনায় ৷