কুমাৰপাৰা ৰাজহুৱা নামঘৰত সাহিত্য অন্বেষণৰ বৰ্ষপূৰ্তি অনুষ্ঠান

কুমাৰপাৰা ৰাজহুৱা নামঘৰত সাহিত্য অন্বেষণৰ বৰ্ষপূৰ্তি অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ কুমাৰপাৰাস্থিত ৰাজহুৱা সেৱাশ্ৰমত ২৪ ডিচেম্বৰত প্ৰতিবছৰৰ দৰে এইবাৰো ভাষা সাহিত্য চৰ্চাৰ অন্যতম গোট সাহিত্য অন্বেষণৰ পঞ্চম বৰ্ষপূতি অনুষ্ঠান অনুষ্ঠিত হয়।দিনজোৰা কার্যসূচীৰে ‘গীত মাত কবিতাৰ সুৰীয়া দিন’ নামৰ শীৰ্ষক অনুষ্ঠানটি আয়োজন কৰা হয়।উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি সাহিত্য অন্বেষণ গোটৰ তৰফৰ পৰা আয়োজন কৰা এলানি সাহিত্য প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়। বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি সাহিত্য অন্বেষণ গোটৰ তৰফৰ পৰা সমাজত বিশেষভাৱে সাহিত্য সমাজ সংস্কৃতিৰ সৈতে কাম কৰি থকা পাঁচোটাকৈ টীমক সাহিত্য অন্বেষণৰ তৰফৰ পৰা বিশেষভাৱে সন্মান জনোৱা হয়।এইবাৰ বিশিষ্ট সাহিত্যিক সমাজকর্মী আইনুল হক চৌধুৰীক সাহিত্য অন্বেষণৰ বিশেষ সন্মান প্ৰদান কৰা হয়। সেইদৰে পাঁচোটি টীম গুৱাহাটী মহানগৰ কবি কানন, জীৱন তৃষ্ণা ৰক্তদাতা অসম, জনমত (বি চি এম),Warriors NGO, সামাজিক প্ৰগতি সংঘক সাহিত্য অন্বেষণৰ তৰফৰ পৰা প্ৰদান কৰা হয় সাহিত্য অন্বেষণ সন্মান। বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী, জ্যেষ্ঠ সাংবাদিক, কবি, শিল্পীৰ উপস্থিতিত অতি সুন্দৰকৈ অনুষ্ঠিত হৈ যায় সাহিত্য অন্বেষণৰ এই বৰ্ষপূতি অনুষ্ঠানটি৷ অনুষ্ঠানৰ সভাপতি কমলজিৎ কলিতা, বিশিষ্ট কবি অজিত গগৈ, ড° চিত্ৰৰঞ্জন দাস,কবি দীপ হাচটিংছ বৰি,আইলং লাহনকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷