কুমাৰপাৰা ৰাজহুৱা নামঘৰত নামঘৰীয়াক সাহায্য

কুমাৰপাৰা ৰাজহুৱা নামঘৰত নামঘৰীয়াক সাহায্য

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সন্মানীয় উপ-সভাপতি উদ্ধৱ দাসৰ নেতৃত্বত আৰু গুৱাহাটী জিলা সত্ৰ মহাসভাৰ সম্পাদক সনাতন দাসৰ সহযোগত আজি কুমাৰপাৰাস্থিত ৰাজহুৱা নামঘৰত কুৰিজনৰো অধিক পানপীড়িত নামঘৰীয়াক সাহাৰ্য্য আগবঢ়োৱা হয় ।অনুষ্ঠানত অসম সত্ৰ মহাসভাৰ কাৰ্য্যনিৰ্বাহক সদস্য হৰি প্ৰসাদ দাস আৰু ড° কনক চন্দ্ৰ তালুকদাৰৰ লগতে বহু কেইগৰাকীমান জিলা সত্ৰ মহাসভা আৰু সতী ৰাধিকা মহিলাতীৰ্থৰ সদস্য সদস্যা উপস্থিত থাকে৷