কুকুৰ
মধুস্মিতা শৰ্মা
সোণাপুৰ
মই কুকুৰ
আপোনাৰ আগফালৰ বাৰাণ্ডাৰ চুকত
নহ’লে
পিছফালৰ উধানৰ কাষত বহি থকা
চাৰিঠেঙীয়া জীৱটো ময়েই,
মই যুধিষ্ঠিৰৰ স্বৰ্গযাত্ৰাৰ এক মাত্ৰ সংগী
অৱশ্যে ,লাইকা নাম লৈ
মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীবিধো ময়েই,
মই সত্যত আশ্ৰয় লওঁ
হিংসাক দাঁত আৰু নখেৰে ফালি চিৰাচিৰ কৰোঁ,
মই পিছে বৰ প্ৰভুভক্ত,
আপোনালোকৰ বৰ্ব্বৰতাকো আওকাণ কৰি
ৰাতি ৰাতি উজাগৰে থাকি ৰখীয়া হওঁ
আপোনালোকৰ,
মোৰ কোনো আপত্তি নায়
উচ্ছিষ্টকো অমৃতৰ দৰে খাওঁ বৰ তৃপ্তিৰে,
অলপ মৰম কৰিলেই বৰ ভাল পাওঁ
আহোঁতে-যাওঁতে প্ৰতিদান দিওঁ মৰমৰ
বৰ বিশ্বাস কৰোঁ আপোনালোকক,
কিন্তু জানে ? মানুহবোৰ বৰ বিশ্বাস ঘাটক !
অলপমান হীন-ডেঢ়ি হ’লেই
কোবাই ছাল ছিঙে , ঠেং -ভৰিও ভাঙে,
তথাপি অকণমান আপডালতে পাহৰি যাওঁ সকলো,
মোৰ বিশেষত্বও আছে-
মোৰ নেজ কেতিয়াও পোণ নহয়
কাৰ্পেট ,উকা মাটি
য’তেই নোশোওঁ কিয়
মুখখন পেচ লাগি গুহ্য-দ্বাৰত লাগে
মানুহেও সেয়ে এই কথা বৰকৈয়ে উদাহৰণ দিয়ে ।
মোৰ নামো বহুত-
ধেকুৰা,ভতুৱা ,চুৱা-চেলেকা ইত্যাদি ইত্যাদি
মই পিছে সেইবোৰত উদাসীন ,
দুবেলা পেট ভৰিলেই শান্ত থাকোঁ একেবাৰে
ৰক্ষা কৰোঁ , সচেতন কৰোঁ গিৰিহঁতক বিপদৰ পৰা,
মোৰ প্ৰজাতিৰ বহুতৰ অৱস্থা এতিয়া ভাল
অভিজাতৰ প্ৰতীক,
ডানল’পৰ শৰ্য্যা আৰু অনেক দামী-দামী খাদ্য
আল ধৰে সুন্দৰ যুৱক-যুৱতীয়ে
তথাপি ভোকাতুৰ , শীৰ্ণ ধেকুৰা কুকুৰো
লেং খাই পৰি থকা দেধাৰ আছে পথে -ঊপপথে
মই কুকুৰ
মই বহুত বাবে অস্পৃশ্য
মোৰ ঠাই চুৱা-পাতনিত বা
ঢেঁকী ঘৰৰ চুকত
ৰখীয়া হওঁ গৃহস্থৰ ।