কুঁৱলী – আয়নাল হক

কুঁৱলী
আয়নাল হক, ধুবুৰী 
ঘন কুঁৱলীৰ আৱেষ্টনীত শান্ত হৈ থকা
পথাৰখনলৈ চাই তন্ময় হৈছিলোঁ কিছুপৰ।
চুই চাইছিলোঁ নিজকে–
কিজানি সিক্ত কুঁৱলীৰ পৰশত
মোৰ শৰীৰতো জাগে অনন্য অনুভূতি !
ধৱল বৰণীয়া কুঁৱলীবোৰৰ
কাষ চাপিব খুজিলেও
আঁতৰি যায় দূৰলৈ–।
কপাহ যেন কোমলতাবোৰত
দুহাত সোমোৱালে
হয়তো অনুভৱ হ’ব চেঁচা সান্নিধ্য।
কিবা যেন সৰগীয় স্পৰ্শত
শিহৰিত হয় দেহ-মন–
কুঁৱলীৰ আৱেশত।
পথাৰখনৰ দৰে আবৃত হৈ
মইও ল’ব খোজোঁ কুঁৱলীৰ কোমল পৰশ।
পাহৰি একাকীত্বৰ যন্ত্ৰণা
জগাব খোজোঁ অনন্য অনুভূতি।