কিমান যে হেঁপাহ জীৱনত – এছ ইছলাম

PC - Unsplash
কিমান যে হেঁপাহ জীৱনত
এছ ইছলাম, শিক্ষক, বৰপেটা
যোৱা বৰ্ষত আকস্মিক দূৰ্ঘটনাত
তচনচ হৈছিল মোৰ আশাবোৰ
অভিশপ্ত হৈছিল মাঘৰ চোতাল
কঙাল হৈ পৰিছিল ভোগালীৰ ৰং ।
দুখ, যন্ত্ৰনা মাথোঁ সংসাৰ খনৰ
গুৰি ধৰোঁতা ম‌ই কেৱল দুখৰ দোলনিত
অহ! এক ভয়ানক ছবি ।
কিমান যে হেঁপাহ জীৱনত
চিকিৎসা আৰু আৰ্থিক সংকট
যেন এক উত্তৰবিহীন প্ৰশ্ন ??
অনিশ্চয়তা , ভয় আৰু শংকাত
হৈছিলোঁ মাতাল ৰৈছিলোঁ উজাগৰে ।
আপোন মানুহজনীৰ হাত উজান
হৈ উঠিল এটি যেন স্বৰ্গীয় দান
উঠিলোঁ জীয়াই পৃথিৱীৰ ৰং চাবলৈ
নিঃস্ব হৈ নপৰিল মোৰ ভৱিষ্যত।
পূৰাবলৈ শূণ্য দুহাত বহু যোঁজন বাট
যুঁজিছোঁ আৰু যুজিছোঁ এন্ধাৰৰ স’তে
পাইছোঁ এতিয়া মন-প্ৰাণত শান্তনা,
মোহাৰি পেলালোঁ হেজাৰ যাতনা
পালোঁ এমুঠি আশাৰ ৰেঙনি
বিসৰ্জন দি দুৰ্যোগময় সময়ক
আদৰিবলৈ পোহৰৰ মেলা।
নৱবৰ্ষ সন্মুখ বাটত
নিয়ৰ সিক্ত দলিচা গচকি
আদৰি ল’ম পোহৰ বছৰৰ শেষত
কৰিম কেৱল প্ৰভুৰ আৰতি ।