কা বিৰোধী মঞ্চ অসমৰ উদ্যোগত ৰুদ্ধদ্বাৰ বৈঠক

কা বিৰোধী মঞ্চ অসমৰ উদ্যোগত ৰুদ্ধদ্বাৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী দীঘলীপুখুৰীপাৰস্থিত এন চি পি মহানগৰ সমিতিৰ মুখ্য কাৰ্যালয়ৰ সিদ্ধিনাথ শৰ্মা ভৱনত ‘কা’ বিৰোধী মঞ্চ অসমৰ উদ্যোগত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত অহা ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ দিনটোত লক্ষীধৰ বৰা ক্ষেত্ৰত এক প্ৰতিবাদী সভা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। সভাত সংবিধান ৰক্ষা কৰাৰ বাবে তথা সাংবিধানক ল’ৰা ধেমালি কৰা কথাটো সহজভাৱে লব পৰা নাযায়। লগতে ডঃ হীৰেন গোহাঁই আৰু ডঃ অখিল ৰঞ্জন দত্তক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অকথ্য ভাষাৰে গালি পাৰা কাৰ্য্যক তীব্ৰ ভাষাৰে সভাই নিন্দা কৰে৷আজিৰ বৈঠকত উপস্থিত থাকে বিশিষ্ট বুদ্ধীজীৱী ডঃ হীৰেন গোহাঁই, দেবেন তামূলী,আহ্বায়ক কা বিৰোধী মঞ্চ অসম, ড°ঘনশ্যাম নাথ,উপদেষ্টা ৰাইজৰ দল, আব্দুল মান্নান প্ৰাক্তন অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয়,ইছফাকুৰ ৰহমান ৰাজ্যিক সদস্য চি পি আই এম, পংকজ দাস,ৰাজ্যিক সম্পাদক চি পি আই এম এল, দেবেন শৰ্মা, সভাপতি কৃষক মুক্তি সংগ্ৰাম সমিতি, নগেন লুংঠুলু ৰাজ্যিক এন চি পি কোঁষাধ্যক্ষ, নিৰংকুশ নাথ ৰাজ্যিক সম্পাদক ডি ৱাই এফ আই আদি কৰি প্ৰায় ১৩ জন মান ব্যক্তি৷