কামৰূপ ( ম) জিলাত “প্ৰশাসন গাঁওৰ ফালে” অভিযান

কামৰূপ ( ম) জিলাত “প্ৰশাসন গাঁওৰ ফালে” অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ “সুশাসন সপ্তাহ”ৰ সৈতে সংগতি ৰাখি ১৯ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ “প্ৰশাসন গাঁওৰ ফালে” শীৰ্ষক অভিযান কামৰূপ মহানগৰ জিলাত আৰম্ভ হ’ব । প্ৰশাসনযন্ত্ৰক স্বচ্ছ আৰু নিকাকৰণৰ লগতে গ্ৰামাঞ্চলৰ জনতাৰ কাষলৈ লৈ যোৱাটোৱে এই সপ্তাহৰ অন্যতম প্ৰধান লক্ষ্য । তদুপৰি ৰাজহুৱা অভিযোগ তথা সমস্যাসমূহৰ ক্ষীপ্ৰ নিষ্পত্তিকৰণো এই সপ্তাহ পালনৰ আন এক বিশেষ বৈশিষ্ট্য । সেই অনুসৰি  ১৯ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ পুৱা ১০ বজাৰ পৰা কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী, দিছপুৰ, চন্দ্ৰপুৰ,সোণাপুৰ আৰু আজাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে চন্দ্ৰপুৰ, ডিমৰীয়া আৰু ৰাণী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সংশ্লিষ্ট ৰাজহুৱা অভিয়োগ তথা সমস্যা সমূহ নিষ্পত্তি কৰা হ’ব । উক্ত বিশেষ শিবিৰত সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া দায়িত্বত নিয়োজিত হৈ থাকিব ।