কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থা আৰু গুৱাহাটী ছাত্ৰ সন্থাৰ অনশন

কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থা আৰু গুৱাহাটী ছাত্ৰ সন্থাৰ অনশন

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ দীঘলীপুখুৰী পাৰৰ প্ৰশান্তি উদ্যানত আজি সদৌ কামৰূপ (মহানগৰ)জিলা ছাত্ৰ সন্থা আৰু গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত যুটীয়াভাৱে মাতৃভাষা সন্দৰ্ভত অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা চৰকাৰী বিদ্যালয়ত গনিত আৰু বিজ্ঞান ইংৰাজী ভাষা কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত ১৩ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে। আজিৰ এই অনশন কাৰ্যসূচীত নেতৃত্ব দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক সৰ্বশ্ৰী টুটুমনি কলিতা, গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি কমল মহন্ত, কামৰূপ মহানগৰৰ সভাপতি বিপজ্যোতি মালাকৰ, কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ কলিতাকে আদি কৰি প্ৰায় ৪০ জন মান সদস্যই অনশন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।