কামাখ্যা ৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচন

কামাখ্যা ৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ কামাখ্যা ৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচনত ১০ টা পদৰ ভিতৰত ৭ টাকৈ পদত জয়লাভ কৰে এ আই ডি এছ অ’ৰ প্ৰাৰ্থীয়ে । শিক্ষাৰ ব্যৱসায়িকীকৰণ আৰু ব্যক্তিগতকৰণৰ উদ্দেশ্য জাপি দিয়া জাতীয় শিক্ষা নীতি ২০২০ বাতিল দাবীত ধাৰাবাহিক আন্দোলনৰ ফলশ্ৰুতিত সৃষ্টি ছাত্ৰীৰ সমৰ্থন আৰু বাছ,ট্ৰেকাৰৰ ছাত্ৰ ছাত্ৰী সকলৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে আন্দোলনত এ আই ডি এছ অ’ৰ সক্ৰিয় অংশগ্ৰহণ যোগেদি বহু দাবী আদায় কৰাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এই নিৰ্বাচনত উপ সভাপতি পদত অনিতা সাহা, সাধাৰণ সম্পাদকৰ পদত মেহেক বেগম, সহকাৰী সাধাৰণ সম্পাদকৰ পদত সাহাৰা বেগম, সাংস্কৃতিক সম্পাদকৰ পদত য়েছমিন বেগম, গুৰু খেল সম্পাদকত কিৰণ খান, আলোচনী সম্পাদকত ৰিমা আহমেদ, ছোৱালী জিৰণি কোঠা সম্পাদক পদত ছোনিয়া মজুমদাৰ জয়ী হয়। সংগঠনৰ ৰাজ্যিক কমিটীৰ পক্ষৰ পৰা ছাত্ৰী সংসদৰ নিৰ্বাচিত জয়ী হোৱা ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যিক কমিটীৰ উপ সভাপতি পল্লৱ পেগু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰে। অহা দিনত জাতি ধ্বংসী জাতীয় শিক্ষা নীতি ২০২০ বাতিলৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনোৱা হয়।