কামপুৰৰ কাকতিগাঁৱত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সভা

pc Youtube

কামপুৰৰ কাকতিগাঁৱত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সভা

কচুৱা, ৰঙিলী বাৰ্ত্তাসেৱা- আমছুৰ নগাঁও জিলা সমিতিৰ সহযোগত আৰু কাকতিগাওঁ আঞ্চলিক আৰু কাকতিগাওঁ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত বগলাজান গাওঁ পঞ্চায়ত কাৰ্যলয়ৰ সন্মুখত ড্ৰাগছ, মদ,ভাং বাল্যবিবাহকে আদি কৰি সমাজত প্ৰচলিত বিভিন্ন অসামাজিক কাৰ্য্যকলাপৰ নিৰাময়ৰ ওপৰিও শিক্ষামূলক সজাগতা সভা অনুষ্ঠিত হয়। নগাঁও জিলা আমছুৰ সভাপতি আব্দুল নুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে নগাঁও জিলাৰ সমাজ সেৱক ছিৰাজ উদ্দিন আহমেদ , আমছুৰ উপ সভাপতি মোশ্বাৰফ হুছেইন কবিৰ ,সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম; সহ: সাধাৰণ সম্পাদক আব্দুল ৰহিম ;নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকা , কামপুৰ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া,চাপৰমূখ শাখাৰ ৰেলৱে আৰক্ষী বিষয়া মুকেশ কুমাৰ ৰজক , নগাঁও জিলাৰ child line ৰ  বিষয়ববীয়া, কামপুৰ আৰক্ষী থানাৰ পৰিচালনা সমিতিৰ সভাপতি ধৰ্মেশ্বৰ বৰা, গাওঁৰক্ষী বাহিনীৰ জিলা উপদেষ্টা  , CO BDO কামপুৰ/কচুৱাৰ  বিশ্বজিত নাথৰ লগতে আমছুৰ নগাঁও জিলা তথা আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল  উপস্থিত থাকে।