কান্ধুলীমাৰী খৈৰামাৰী হাই মাদ্ৰাছাত উলহ-মালহৰে উদযাপন ৭৬তম স্বাধীনতা দিৱস

কান্ধুলীমাৰী খৈৰামাৰী হাই মাদ্ৰাছাত উলহ-মালহৰে উদযাপন ৭৬তম স্বাধীনতা দিৱস

দিলদাৰ হুছেইন,ধিং,ৰঙিলী বাৰ্ত্তাসেৱা- নগাওঁ জিলাৰ উত্তৰ-পশ্চিমাঞ্চলৰ কান্ধুলীমাৰী খৈৰামাৰী হাই মাদ্ৰাছাতো উলহ- মালহেৰে দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়।যোৱা ১৫ আগষ্টত পুৱা ৭ বজাত কান্ধুলীমাৰী খৈৰামাৰী হাই মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতি আপতাব উদ্দিন আহমেদে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগেলগে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়। ইয়াৰ পিছতেই শিক্ষক সকলে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰ সকলক লগত লৈ এক বিশাল শোভাযাত্ৰা উলিয়ায়। মাদ্ৰাছাখনত যোৱা ১৩ আগষ্ট পৰা চাফাই অভিযান, বৃক্ষৰোপণ,কুইজ প্ৰতিযোগিতা আৰু দেশপ্ৰেম মূলক গীতৰ উপৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগনত কেন্দ্ৰীয় ভাৱে পতাকা উত্তোলনৰ লগতে বিভিন্ন দেশ প্ৰেমমূলক গীত আৰু সাংস্কৃতিক অনুষ্ঠানৰে ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়।