কাতি বিহুৰ তুলসী ভেটি- বন্দিতা শৰ্মা কন্দলি

Pc- Office Holiday

কাতি বিহুৰ তুলসী ভেটি

অসমীয়া সংস্কৃতিৰ জাতীয় উৎসৱ বিহু তিনিটাৰ প্ৰতিটোৱেই তাৎপৰ্যপূৰ্ণ।কাতি বিহুত ভড়াঁল খালী হৈ কঙাল হৈ পৰে। সেয়ে এই বিহু কঙালী বিহু বুলি কোৱা হয়। যদিও কঙালী তথাপিও কৃষিজীৱি লোকৰ বিহুৰ উচাহ কমি নাযায়। কিয়নো লʼৰা- বুঢ়া সকলোৱেই আধ্যাত্মিকতাৰে পালন কৰা এই বিহু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভাৱে সহায়ক।

অসমীয়া সংস্কৃতিত তুলসীৰ স্থান অতি গুৰুত্বপূৰ্ণ। শাস্ত্ৰ মতে তুলসী সতী, শংখচূড় ৰজাৰ পত্নী আৰু কুশধ্বজ ৰজাৰ জীয়েক আছিল।
পুৰাণৰ মতে তুলসী সৰ্ব পাপহাৰী। কাতি মাহত এশ আঠ পাত তুলসী ৰঙা চন্দনৰ সৈতে বিষ্ণু দেৱতাৰ নামত অৰ্পণ কৰিলে পুণ্য অৰ্জন হয় বুলি বিশ্বাস আছে। অসমীয়া সমাজত তুলসী এবিধ অতি পবিত্ৰ বৃক্ষ। সেয়ে তুলসী পূজাই সকলো ধৰ্মৰ ফল লাভ কৰিব পাৰি। তুলসীৰ ঘ্ৰাণ লৈ যাত্ৰা কৰিলে যাত্ৰা সুভ হয় বুলি বিশ্বাস প্ৰচলিত আছে। প্ৰতিদিনে পুৱা তুলসী গছৰ গুৰিত পানী ঢলা আৰু সন্ধিয়া চাকি জ্বলালে আপায় অমংগল দূৰ হয় বুলি কোৱা হয়। প্ৰচলিত আছে তুলসী দৰ্শনে পুণ্য আৰু স্পৰ্শত পাপ নাশ হয়।

আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি তুলসী অনেক গুণৰ অধিকাৰী। তুলসীয়ে চৌপাশৰ বায়ুমণ্ডল বিশুদ্ধ কৰি ৰাখে। তুলসীৰ পাতৰ ৰস কাহ-চৰ্দীৰ মহৌষধ, বেক্টেৰিয়া নাশক।

কাতি বিহুৰ প্ৰধান আকৰ্ষণ হৈছে তুলসী ভেটি। বিহুৰ দিনা চোতালৰ পূব দিশে মাটিৰ এটি ঢিপ সাজি তাত এটা তুলসী পুলি ৰোৱা হয়। নিজৰ ঘৰত তুলসী পুলি নাথাকিলে আনৰ ঘৰৰ পৰাই সবল পুলি এটা বিচাৰি আনি ৰোৱা হয়।তোমালোকেও চাগে এনে কৰা নহয়নে? তুলসী পুলি ৰোৱা ভেটি টো পানীৰে মচি ধুনীয়া কৰা হয়। কোনোৱে চাৰিওফালে কলপুলি ৰুই, ফুলৰ মালা আৰু ফুলৰ পাহিৰে সজায়। তুলসী ভেটি ত আল্পনা আঁকাও দেখা যায়। আগতে ই ঘৰ সি ঘৰৰ ল’ৰা ছোৱালী ৰ মাজত তুলসী ভেটি ৰ অঘোষিত প্ৰতিযোগিতা ও চলে। আজিকালি তুলসী ভেটিৰ প্ৰতিযোগিতা জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়তো অনুষ্ঠিত কৰা দেখা যায়।

সন্ধিয়া তুলসী ভেটি ত চাকি জ্বলাই মাহ-প্ৰসাদৰ শৰাই আগবঢ়ায় নাম গুণ গায়। ল’ৰা ছোৱালী হঁতে মাহ-প্ৰসাদ খাই ই ঘৰ – সি ঘৰ ফুৰে।এয়া কেৱল আনন্দ ই নহয় সম্প্ৰীতি ৰ প্ৰতীক। এনেদৰে ই বিহুয়ে একতাৰ দোলেৰে অসমীয়া জাতিক ধৰি ৰাখিছে।

বন্দিতা শৰ্মা কন্দলি।