কাছাৰৰ পিস্তল, সজীৱ গুলী আৰু সোণৰ বিস্কুটসহ দুই যুৱক গ্ৰেপ্তাৰ

কাছাৰৰ পিস্তল, সজীৱ গুলী আৰু সোণৰ বিস্কুটসহ দুই যুৱক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাছাৰৰ কাটিগড়াত পিস্তল, সজীৱ গুলী আৰু সোণৰ বিস্কুটসহ দুই যুৱক গ্ৰেপ্তাৰ। গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীৰ এটা দলে কাটিগড়া চৌৰঙ্গীত অভিযান চলাই ধৃত যুৱকৰ পৰা এটা ২২ পিস্তল, তিনি ৰাউণ্ড সজীৱ গুলী, ২৫০ গ্ৰাম ওজনৰ দুটা সোণৰ বিস্কুটসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ধৃত  দুই যুৱকৰ নাম আব্দুল আজিজ ওৰফে চানু আৰু আব্দুল ওয়াহাব বুলি জানিব পৰা গৈছে।