কাছাৰত শিল্প বিপ্লৱৰ নতুন অধ্যায়: ₹২৯৯.৮৬৫ কোটি বিনিয়োগে উন্মোচন কৰিলে সম্ভাৱনাময় যুগ

কাছাৰত শিল্প বিপ্লৱৰ নতুন অধ্যায়: ₹২৯৯.৮৬৫ কোটি বিনিয়োগে উন্মোচন কৰিলে সম্ভাৱনাময় যুগ

শিলচৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  কাছাৰ  জিলাই শিল্প-বিপ্লৱৰ এক নতুন দিশ উন্মোচন কৰিছে, যাৰ মূল চালিকা শক্তি হিচাপে অ্যাডভান্টেজ অসম ২.০ বিনিয়োগ সন্মিলন কাজ্যকৰী হৈ উঠিছে। এই গুৰুত্বপূর্ণ সন্মিলনত ₹২৯৯.৮৬৫ কোটি টকাৰ বিনিয়োগ নিশ্চিত হোৱাৰ লগতে ৮৪টা সমঝোতা স্মাৰক (MoU) স্বাক্ষৰিত হৈছে, যিয়ে জিলাখনত শিল্প বিকাশৰ এক নতুন দিশ দৰ্শাইছে। বৃহৎ-ক্ষুদ্ৰ উদ্যোগ, আত্মসহায়ক গোট (SHG), মৎস্য বিভাগ আদি বিভিন্ন ক্ষেত্রৰ লগত জড়িত বহুতো প্ৰতিষ্ঠানে এই দুদিনীয়া আয়োজনত অংশগ্ৰহণ কৰে।

এই বিনিয়োগৰ ফলত ২০০৮টা নতুন কর্মসংস্থান সৃষ্টি হোৱাৰ এক শক্তিশালী সম্ভাৱনা প্ৰকাশ কৰা হৈছে, যিয়ে জিলাৰ অৰ্থনৈতিক খণ্ডক অধিক সুদৃঢ় কৰাৰ লগতে নতুন উদ্যোগপতিৰ বাবে পথ প্ৰশস্ত কৰিব। ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত জিলা আয়ুক্তৰ নতুন সন্মিলন কক্ষে অনুষ্ঠিত এই উদ্যোগ Single Window System-ৰ জৰিয়তে সমাপ্ত কৰা হয়। এই ব্যৱস্থা “সহজে ব্যৱসায় ব্যৱস্থা” নীতিক অধিক সুসংহত কৰাৰ উপৰি ক্ষুদ্ৰ-প্ৰান্তীয় উদ্যোগৰ বিকাশক উৎসাহিত কৰিব।

জিলা আয়ুক্ত মৃদুল যাদৱে আনুষ্ঠানিকভাৱে চুক্তিপত্ৰ স্বাক্ষৰ কৰি শিল্পবান্ধৱ পৰিৱেশ গঠনৰ বাবে প্ৰশাসনৰ দৃঢ় অঙ্গীকাৰ ব্যক্ত কৰে। তেওঁ কয়, “শিল্প উন্নয়ন কোনো অঞ্চলৰ অৰ্থনৈতিক মজবুতিৰ মূখ্য স্তম্ভ। আগবাঢ়িবলৈ উদ্ভাৱনী দৃষ্টিভংগী, উচ্চ-গুণগত মানৰ উৎপাদন, আৰু শ্ৰেষ্ঠ সেৱা প্ৰদান কৰাটো অত্যন্ত জৰুৰী।” এই দৃষ্টিভংগীৰে, জিলাখনত ₹১ কোটিৰ পৰা ₹২৫ কোটি পৰ্যন্ত বিনিয়োগক সমৰ্থন কৰা হৈছে।

সন্মিলনৰ প্ৰথম দিনটোত ₹১৮৬.৭০ কোটি টকাৰ বিনিয়োগ সম্পন্ন হয়, আৰু দ্বিতীয় দিনটোত ₹১৩৩.১৬৫ কোটি টকাৰ বিনিয়োগ হয়। জিলাৰ শিল্প বিকাশত বিশেষ ভূমিকা লোৱাৰ লক্ষ্যৰে ৯টা বৃহৎ প্ৰকল্পত ₹১০ কোটিৰ ওপৰলৈ বিনিয়োগ, আৰু ৭৫টা ক্ষুদ্ৰ-মধ্যম প্ৰকল্পত ₹১০ কোটিৰ নিম্নলৈ বিনিয়োগ হয়। এই বিনিয়োগ বৈচিত্ৰ্যময় শিল্প-বিকাশ সম্ভৱ কৰিবলৈ সহায়ক হৈ উঠিছে।

এই গুৰুত্বপূৰ্ণ বিনিয়োগ সন্মিলনৰ এক বিশেষ আকৰ্ষণ আছিল গুৱাহাটী খানাপাৰাত অনুষ্ঠিত অ্যাডভান্টেজ অসম ২.০ শীৰ্ষ বিনিয়োগ সন্মিলন, যাৰ আৰম্ভণি অধিবেশন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনী ভাষণৰ জড়িয়তে প্ৰত্যক্ষ প্ৰসাৰিত কৰা হয়। শিলচৰত অনুষ্ঠিত এই আয়োজনত অতিৰিক্ত জিলা আয়ুক্ত যুবৰাজ বৰঠাকুৰ, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মুখ্য ব্যৱস্থাপক, বিনিয়োগকাৰীসকল, উদ্যোগপতি আৰু বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

 

এই ঐতিহাসিক বিনিয়োগ সাফল্যৰে কাছাড় জিলাই শিল্প-বিপ্লৱৰ নতুন অধ্যায়লৈ আগবাঢ়িছে, যিয়ে শিল্পোন্নয়ন, কর্মসংস্থান বৃদ্ধি আৰু সামগ্ৰিক অৰ্থনৈতিক বিকাশত এক গভীৰ প্ৰভাৱ পেলাব। অ্যাডভান্টেজ অসম ২.০-ত স্বাক্ষৰিত সমঝোতা স্মাৰকসমূহ দীর্ঘম্যাদী শিল্প উন্নয়নৰ অনুঘটক হিচাপে কাম কৰি জিলাখনক অধিক সমৃদ্ধিশালী কৰিবলৈ সহায় কৰিব।