কল্প ৰাজ্য – ইভা গন্ধীয়া ফুকন

Pc iStock
কল্প ৰাজ্য
ইভা গন্ধীয়া ফুকন
কেঁচা ঘামৰ টোপালবোৰে
যৌৱনৰ চাদৰ খনিত
ৰং- বিৰঙৰ ফুল বাচিছে!
বুঢ়া সূৰ্যই পাহাৰৰ বুকুত
মুখ লুকুৱাৰ সময়ত
বুকুৰ উমাল পৰেশৰে
পাহি মেলাৰ আশাত!
আলহী হৈ আহিব জোনাকীবোৰ
ধিমিক- ধামাক কৈ জ্বলি উঠিব
আকাশৰ লাজুকী তৰাবোৰ
সাক্ষী হৈ ৰ’ব দূৰৈৰ জোনবাই
চিটিকি পৰিব আন্ধাৰ ফুটি
তৃপ্তিৰ হুমুনিয়াহ…
কল্প ৰাজ্যৰ সহজ মধুৰ কল্পনা
বাস্তৱৰ হাত বাউলিত
উফৰি পৰে নিমিষতে!
বুটলিব খোজোতে
বুকুত হেঁচা মাৰি ধৰে বিষে…
শূণ্য চৌহদত মৌনতাৰ চিঠি
নিৰলে আছে পৰি…
অম্লান হাঁহি এটিৰ স’তে
কোনে আঁকি গ’ল
প্ৰভাতি কিৰণৰ আবিৰ সানি
ঢৌময় সাগৰৰ ছবি
কৰুণ বিষাদ বাকি…