কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  নিশা কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। মিছাৰ ৰৌমাৰীত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই চাৰিলেনযুক্ত পথৰ পৰা দ’ খাৱৈত বাগৰি পৰিল AS 12 J 6909 নম্বৰৰ মহিন্দ্ৰা ভেৰিটো বাহনখন।এই দুৰ্ঘটনাত একেখন গাঁৱৰে তিনিজনকৈ যুৱক নিহত হয়। থিতাতে নিহত হয় অৰ্জুন তাঁতী, অমৃত বিশ্বাস ওৰফে চানু আৰু ৰাহুল বিশ্বাস।নিহত তিনি যুৱকৰ ঘৰ কলিয়াবৰৰ মিছামুখত।  কলিয়াবৰ তিনিআলিৰ পৰা মিছা অভিমুখে গৈ আছিল তেওঁলোক। ঘন কুঁৱলিৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ।