কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা- ময়ূৰাক্ষী গগৈ

Pc The Janambhumi

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

হে অসমৰ চিৰনমস্য
কলাৰ সাধক কলাগুৰু,
তোমাক শত সহস্ৰ প্ৰণাম।
প্ৰতিভাৰ আকৰ তুমি।
তুমিয়েই গীতিকাৰ, সুৰকাৰ,
নাট্যকাৰ, গল্পকাৰ আৰু খেলুৱৈ।
শিৱৰ তাণ্ডৱ নৃত্যই মন মোহিত কৰা
তুমিয়েই শিল্পী নৃত্য, বাদ্য, অভিনয়ৰ।
শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ অংকনকাৰী
তুমিয়েতো নিখুঁত চিত্ৰকৰ।
‘পৰজনমৰ শুভলগনত’
এই কালজয়ী গীত
তোমাৰেই সৃষ্টি।
জাতিৰ শিল্পী তুমি।
তোমাৰ এই মৃত্যু তিথিত
শ্ৰদ্ধাৰে সোঁৱৰিছো।

ময়ূৰাক্ষী গগৈ