কলাক্ষেত্ৰত নৃগােষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ কৰ্মশালাৰ প্ৰথম দিন

কলাক্ষেত্ৰত নৃগােষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ কৰ্মশালাৰ প্ৰথম দিন

ৰঙিলী বাৰ্ত্তসেৱা- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ উদ্যোগত আৰম্ভ হােৱা অসমৰ নৃগােষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান’ৰ প্রথম পর্যায়ৰ তৃতীয় কর্মশালাখনি যােগ প্রশিক্ষণেৰে প্ৰথম দিনাৰ কর্মশালা আৰম্ভ কৰা হয়। যােগ গুৰুকুল অসমৰ ডাঃ হিমাংশু বুজৰবৰুৱাৰ তত্ত্বাৱধানত যােগাসনৰ প্রশিক্ষণ দিয়ে যােগশিক্ষক পৰশমণি বৰা, ভাস্কৰ হাজৰিকা, মৃত্যুঞ্জয় ৰজক। দ্বিতীয় সত্ৰত জনগােষ্ঠী অনুযায়ী ভােৰতাল, সত্ৰীয়া নৃত্য আৰু জনগােষ্ঠীয় সংস্কৃতিৰ আভাস প্রশিক্ষার্থীসকলক প্রদান কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রবক্তা আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গােপাল মহন্তই ’মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাংস্কৃতিক ধাৰা আৰু বৰ অসম’ বিষয়ক বক্তৃতা প্রদানৰ লগতে প্ৰশিক্ষার্থীসকলৰ লগত মত বিনিময় কৰে। অনুষ্ঠানৰ আৰম্ভণিতে কলাক্ষেত্র সমাজৰ তৰফৰ পৰা ড° ননীগােপাল মহন্তদেৱক সম্বর্ধনা জনাই ড° মমী শৰ্মাই। ভাষণ প্রসংগত মহন্তই কয় যে শংকৰদেৱে সংস্কৃতিৰ আধাৰলৈ সমাজখন গঠন কৰিছিল। ১৫শ শতিকাত প্রচলিত নৰবলি প্রথা আৰু খণ্ডিত অসমক একত্রিত কৰাৰ অর্থে গুৰুজনাই ভাৰতৰ বিভিন্ন ঠাইলৈ যাত্ৰা কৰি ভক্তি আন্দোলনৰ গূঢ়ার্থ বুজি উঠি অসমৰ জনমানসত সেই ধর্মটোৰ প্রতি দৃষ্টি দর্শন কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা ৯ প্রকাৰৰ ভক্তিৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়৷ মহন্তৰ বক্তৃতাৰ সামৰণিৰ পাছত প্রশ্নোত্তৰ শিতানত প্ৰতিটো জনগােষ্ঠীৰ প্রশিক্ষার্থীসকলে (ডিমাচা, কোঁচৰাজবংশী, সােণােৱাল কছাৰী আৰু কার্বি) বক্তৃতাৰ বিষয় সম্পর্কত বিভিন্ন ধৰণৰ প্রশ্ন উত্থাপন কৰে আৰু বক্তাজনে তেওঁলােকৰ প্ৰশ্নৰ সঠিক উত্তৰ প্রদানেৰে বক্তৃতানুষ্ঠানটি সাফল্যমণ্ডিত কৰে। অনুষ্ঠানটিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ উপস্থিত থাকে।